অসম

পৰ্বতীয়া স্বাস্থ্য উপকেন্দ্র পৰিদৰ্শন কৰিলে যুটীয়া সঞ্চালকে

সংবাদদাতা, পশ্চিম যোৰহাট:- অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ যোৰহাট জিলাৰ শ’লমৰা প্ৰাথমিক চিকিৎসালয় অধীনস্থ পৰ্বতীয়া স্বাস্থ্য উপকেন্দ্ৰ ১৬ ডিচেম্বৰত পৰিদৰ্শন কৰিলে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অমৃত কুমাৰ শইকীয়াই। মেগা ভেকচিনৰ শিবিৰ পৰিদৰ্শনৰ বাবে অঞ্চলটোলৈ অহা যুটীয়া স্বাস্থ্য সঞ্চালকজনে পৰ্বতীয়া স্বাস্থ্য উপকেন্দ্ৰৰ চৌহদ দেখি সন্তুষিত হয়। সাহপুৰীয়া, পৰ্বতীয়া, ভাতেমৰা, সৰুচৰাই আৰু যাদৱপুৰৰ বাসিন্দাসকলৰ স্বাস্থ্য অটুট ৰখাৰ বাবে ১৯৭৮ চনত অঞ্চলৱৰ্তী ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি পৰ্বতীয়া-ভাতেমৰা গাঁৱৰ সীমাত তিনি বিঘাতকৈ অধিক মাটি ক্ৰয়-দান কৰিছিল। উক্ত ভূমিতে পৰ্বতীয়া উপ স্বাস্থ্য কেন্দ্ৰটো বিভাগীয় ভাৱে নিৰ্মাণ কৰিছিল। কাষতে ডাক্তৰৰ আৱাস গৃহও নিৰ্মাণ কৰা হৈছিল। কিন্তু ডাক্তৰ নথকাত-নহাত কেৱল নাৰ্চেই উপ স্বাস্থ্য কেন্দ্ৰটো দীৰ্ঘদিন পৰিচালিত কৰি আছিল। ভূমি খণ্ডত হাবি-জংঘলেৰে আৱৰি ধৰাৰ লগতে সৱদাহ কাৰ্যও কৰিছিল। কাষৰীয়া ভূমিৰ গৰাকীয়ে বেদখলো কৰিছিল। এই সমস্যা সমাধানৰ বাবে পঞ্চায়তৰ গোট সদস্য বিনন্দ সদাৰ, সুশীল বৰুৱাৰ উদ্যোগত স্থানীয় বাসিন্দাসকলৰ সহযোগত এখন ৰাজহুৱা সভা স্বাস্থ্য কেন্দ্ৰ স্থলীতে অনুষ্ঠিত কৰি ডাক্তৰ প্ৰেৰণৰ লগতে চিকিৎসালয়খনৰ সমস্যা সমাধানৰ বাবে অনুৰোধ জনাই সভাত গ্ৰহণ কৰা প্ৰস্তাৱ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীৰ লগতে স্থানীয় সকলোজন প্ৰতিনিধি, জিলা প্ৰশাসনৰ মুৰব্বী, বিভাগীয় বিষয়াসকললৈ প্ৰেৰণ কৰা হৈছিল। সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই স্বাস্থ্য বিভাগে এজন ডাক্তৰ নিয়মীয়াকৈ উপ স্বাস্থ্য কেন্দ্ৰটোলৈ নিতৌ অহাৰ ব্যৱস্থা কৰে। ৪৫ নং গাঁও পঞ্চায়তে উপ স্বাস্থ্য কেন্দ্ৰটোৰ ভূমি খণ্ডৰ চাফাই, উন্নয়নৰ লগতে চৌপাশত গছ-পুলি ৰোপণ কৰিবলৈ ১, ৬৬, ২১০ টকাৰ অনুমোদন জনায়। সেই ধনেৰে জৱ কৰ্ডৰ শ্ৰমিকৰ দ্বাৰা উপ স্বাস্থ্য কেন্দ্ৰটোৰ ভূমি খণ্ড পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ লগতে চাৰিও সীমাত খাল খণ্ডা হৈছে। এই কাৰ্য দেখি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকজন সন্তোষিত হয় আৰু ৰাইজৰ প্ৰচেষ্টাক ধন্যবাদ জনায়। লগতে তেওঁ ভূমি খণ্ডৰ চাৰিও সীমাতে পকী খুঁটা পুতি ভূমি খণ্ড ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি ৰাখিবলৈ অনুৰোধ জনায়। তেওঁৰ লগত শ’লমৰা প্ৰাথমিক চিকিৎসালয়ৰ ডাঃ চালিম খান্নাম আহমেদ, স্বাস্থ্য বিভাগৰ যোৰহাট-শিৱসাগৰ জিলাৰ অভিযন্তা ধ্ৰুৱজিৎ ফুকনেও স্বাস্থ্য কেন্দ্ৰটোৰ পৰিৱেশ দেখি সন্তোষ প্ৰকাশ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: