অসম

পৰ্যটকক হাত বাউল দি মাতিছে গ্ৰাছলেণ্ডে

পৰ্যটন উদ্যোগ স্থাপনত যুৱকৰ গুৰুত্বপূৰ্ণ ভূমিকা

সংবাদদাতা, টংলা: – ভূটান পাদদেশত অৱস্থিত ওদালগুৰি আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী বৰনদীৰ পাৰত গঢ়ি উঠিছে এক মনোমহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গ্ৰাছলেণ্ড। সৌন্দৰ্য পিয়াশী মানুহক আকৰ্ষণ কৰি আহিছে এই মানৱ সৃষ্ট গ্ৰাছলেণ্ড। দূৰ দূৰণিৰ পৰ্যটকক হাত বাউল দি মাতিছে। ওদালগুৰি জিলাৰ চাৰিগৰাকী সমাজ সচেতন প্ৰকৃতি বা সেউজ ভূমি আজি অসমৰ এক লেখত লবলগীয়া পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে।

ভূটানৰ পৰা কুলু কুলু গতিৰে কেতিয়াবা খৰশ্ৰোতা হৈ বৈ অহা বৰনদীৰ বুকুত পৰ্যটকক আকৰ্ষণ কৰিবলৈ ৰাফটিঙৰ সুব্যৱস্থা হাতত লোৱা হ’ব বুলি জনাইছে যুৱক কেইজনে। আনহাতে গ্ৰাছলেণ্ডৰ বুকুত সযতনে পৰ্যটকৰ বাবে থকা-খোৱা সুবিধা দিবলৈ ৰেনবও ইক’ কেম্প এটিও স্থাপন কৰা হৈছে। ৰাতি থাকিবলৈ শ্লিপিং টেণ্ড দিয়া হয়, বৰষুণৰ বাবে ওৱাটৰ প্ৰুফ দিয়া হয়। দিনাৰ ব্ৰেকফাষ্ট দিয়া হয় বুলি জনোৱাৰ লগতে অনাগত দিনত পৰ্যটকৰ বাবে আৰু অধিক সা সুবিধা দিবলৈ যত্ন কৰিম বুলি জানিব দিয়ে।

স্বনিৰ্ভৰশীল হ’বলৈ মানুহৰ সেৱাৰ হকে অহোপুৰুষাৰ্থ কৰিবলৈ পৰ্যটনৰ উদ্যোগ গঢ়িবলৈ কৰা কৰ্মক ৰাইজে পৰ্যটকে যুৱক কেইজনক ভূয়ুসী প্ৰশংসা কৰিছে। যুৱককেইজনেও আহ্বান জনাইছে সকলোৱে সৌন্দৰ্য ভালপায়। আহকচোন সকলোৱে প্ৰাকৃতিক এই মনোমহা পৰিৱেশ উপভোগ কৰি জীৱনৰ বাবে এমুঠি অনাবিল আনন্দ লৈ যাওক।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: