অসম

পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

সংবাদদাতা, দলগাঁও:- পৰ্যটক সকলৰ বাবে ভাল খবৰ। আজিৰ পৰা মুকলি হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ২০২১-২০২২ বৰ্ষৰ পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে আজি মুকলি কৰি দিয়া হ’য় ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন। ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰে মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই। আজিৰ পৰা আনুষ্ঠানিক ভাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম ফলক ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণ কৰা হ’য়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিচিত হ’ল। ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। ক’ভিডে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ পিছতে সম্পূৰ্ণ দুটা বছৰৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হ’য়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ সকলো পৰ্যটক তথা দৰ্শনাৰ্থীক আমন্ত্ৰণ সাংসদ দিলীপ শইকীয়াৰ। ৰাষ্ট্ৰীয় উদ্যান খনৰ আন্ত গাথনিৰ নিৰ্মাণ কাম ইতিমধ্যে আৰম্ভ হৈছে। এচিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ বাঘৰ ঘনত্ব বেছি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্প পৰ্যটনৰ এক নতুন সম্ভাৱনা। তাৰ বাবে অসম চৰকাৰে লৈছে বিশেষ পদক্ষেপ। আনহাতে চিপাঝাৰৰ ধলপুৰ উচ্ছেদ কাণ্ডক লৈ বিধায়ক শেৰমান আলীয়ে কৰা বিস্ফোৰক মন্তব্যৰ প্ৰতিক্ৰিয়াৰ উত্তৰত আলীক বিভ্ৰান্তি থকা লোক আখ্যা দিয়ে সাংসদ গৰাকীয়ে। লগতে সাংসদ গৰাকীয়ে উদ্যান খনৰ দাঁতিকাষৰীয়া অঞ্চল সমূহৰ চৰকাৰী মাটি বেদখল কৰি থকা লোকসকলক অচিৰেই মাটিখিনি খালি কৰিবলৈ আহব্বান জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: