অসমআন্তঃৰাষ্ট্ৰীয়

‘ফুটবলৰ ঈশ্বৰ’ ডিয়েগ’ মাৰাডোনাৰ চুৰি ঘড়ী উদ্ধাৰ শিৱসাগৰত

কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল ‘ফুটবলৰ ঈশ্বৰ’ ডিয়েগ’ মাৰাডোনাৰ বিশেষ ঘড়ীটোৰ প্ৰসংগ। কিয়নো ডুবাইৰ পৰা চুৰি হৈছিল মাৰাডোনাৰ বিশেষ ঘড়ীটো। অৱশেষত অন্ত পৰিল উৎকণ্ঠাৰ। উদ্ধাৰ হ’ল ঘড়ীটো। বৃহস্পতিবাৰে শিৱসাগৰত উদ্ধাৰ হ’ল মাৰাডোনাৰ চুৰি হোৱা হাতঘড়ীটো। শিৱসাগৰ আৰক্ষীয়ে নগৰৰ সমীপৰ দৰিকাঘাটৰ ৱাজিদ হুছেইন নামৰ এজন লোকৰ পৰা উদ্ধাৰ কৰিছে হাতঘড়ীটো। লগতে এই সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে হুছেইনক। জানিব পৰা মতে, ৱাজিদ হুছেইন নামৰ লোকজনে ২০১৬ চনৰ পৰা ডুবাইত আল্লাৱাৰ এণ্টাৰপ্ৰাইজ নামৰ এটা কোম্পানীত ছিকিউৰিটি গাৰ্ডৰ কামত নিয়োজিত হৈ আছিল। চলিত বছৰৰ আগষ্ট মাহত ঘৰলৈ অহা ৱাজিদক নাইজেৰিয়াৰ ডেৰিক নামৰ এজন লোকে এটা ঘড়ী দিছিল। যিটো ঘড়ী ব্যৱহাৰ কৰি আছিল ৱাজিদে। ডেৰিকে ডুবাইত ম’ৰ স্পেচ নামৰ কোম্পানীত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল। মাজে সময়ে ৱাজিদে ডেৰিকৰ পৰা কাপোৰ, জোতা আদি আনে। এইবাৰ এটা ঘড়ীৰ দৰকাৰ বুলি কওঁতে এই ঘড়ীটো ডেৰিকে ৱাজিদক দিছিল। এই ঘড়ীটোৱে আছিল ফুটবল সম্ৰাট মাৰাডোনাৰ। যিটো মাৰাডোনাৰ মৃত্যুৰ আগত চুৰি হৈছিল। ঘটনা প্ৰসংগত ডুবাই আৰক্ষীয়ে অনুসন্ধান চলাই আছিল। উক্ত হাবলট কোম্পানীৰ ঘড়ীটো শিৱসাগৰৰ ৱাজিদৰ হাতত আছে বুলি তথ্য লাভ কৰিছিল আৰক্ষীয়ে। সেই প্ৰসংগত বৃহস্পতিবাৰে পুৱা শিৱসাগৰ আৰক্ষীয়ে ৱাজিদক গ্ৰেপ্তাৰ কৰি মাৰাডোনাৰ ঘড়ীটো উদ্ধাৰ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: