অসম

বক্সিং ৰিঙত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বৰপেটা জিলা এমেছাৰ বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বক্সিং প্ৰতিযোগিতা, য’ত ভাগ লৈছে ৰাজ্যৰ প্ৰায়সমূহ জিলাৰ প্ৰতিনিধিয়ে। বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত 9 জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাখন দেওবাৰে নিশা উদ্বোধন কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ আন্তঃজিলা বক্সিং (জুনিয়ৰ) প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ পিচতে হাতত গ্ল’ভছ পৰিধান কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো দেখা গ’ল বক্সিং ৰিঙত। মন্ত্ৰীগৰাকীয়ে অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাইৰ প্ৰশিক্ষক পদুম বড়োৰ সৈতে অংশগ্ৰহণ কৰে বক্সিং প্ৰতিযোগিতাত। পদুম বড়োৰ সৈতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ এনে যুদ্ধংদেহি ৰূপ দৰ্শক আৰু আয়োজক সমিতিয়ে বাৰুকৈয়ে উপভোগ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: