অসম

বগাই সাংস্কৃতিক মহাসংঘ আৰু ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনীৰ গাঁৱে-ভূঞে কৰ’না সজাগতা আৰু মাস্ক, চেণিটাইজাৰ বিতৰণ

সংবাদদাতা, টংলা : বিশ্বজুৰি কৰ’না মহামাৰীৰ পৰা বাচি থাকিবলৈ বগাই সাংস্কৃতিক মহাসংঘ(অসম ), ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনীৰ উদ্যোগত আৰু খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আজি উত্তৰ চাবুক ধৰা গাঁৱৰ নেহৰু ক্লাৱত ৰাইজক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়। চাবুক ধৰা গাঁৱৰ ঘৰে ঘৰে গৈয়ো বিতৰণ কৰা কাৰ্যসূচীত বগাই সাংস্কৃতিক মহাসংঘ, অসমৰ উপসভাপতি প্ৰফুল্ল ৰাভা,ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনীৰ সভাপতি,

সম্পাদক আৰু খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বিষয় ববীয়াই অংশগ্ৰহণ কৰে। বগাই সাংস্কৃতিক মহাসংঘ, অসমৰ উপসভাপতি প্ৰফুল্ল ৰাভাই ৰাইজক আহ্বান জনাই কয় আপোনালোক ক’ভিড-১৯ক ভয় নকৰিব, সতৰ্ক হওক, সাৱধানে থাকক আৰু সুৰক্ষিত থাকক। জীৱন অমূল্য, জীৱনক ভাল পাবলৈ শিকক আৰু সচেতন হওক। ঘৰৰপৰা বাহিৰলৈ যাব লগা হ’লে মাস্ক পৰিধান কৰিহে ওলাব, ৰাজহুৱা

সমাগমৰ পৰা বিৰত থাকি চেনিটাইজাৰ নতুবা চাবোনেৰে সঘনাই হাত ধুব। য'তে-ত'তে থু-খেকা নেপেলাব। অনলাইনৰ মাধ্যমৰ যোগেদি নাম পঞ্জীয়ন কৰি ১৮বছৰৰ ঊৰ্ধৰ সকলোৱে বিনামূলীয়া ভেকচিন ল'ব লৈ আহ্বান জনাই আৰু কয় যে সকলো গ্ৰাম্য অঞ্চলত সজাগতা সৃষ্টি কৰাৰ লগতে মাস্ক, চেনিটাইজাৰ বিতৰণ কার্য সূচী চলি থাকিব। অতিমাৰী কোৰোনাক আহকচোন সকলোৱে মিলিজুলি পৰাস্ত কৰি মানৱ সমাজক চিৰসেউজীয়া, চিৰজাগ্ৰত কৰি তোলো।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: