বঙাইগাঁও জিলাত একেদিনাই পাঁচগৰাকী শিক্ষকৰ অৱসৰ গ্ৰহণ
জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপনঃ

সংবাদদাতা, কোকিলা:- আজি বঙাইগাঁও জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত একেদিনাই অৱসৰ গ্ৰহণ কৰা পাঁচগৰাকী কৈ শিক্ষকক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে বুলি জানিব পৰা গৈছে। লগতে প্ৰোবিছনেল পেঞ্চনৰ ব্যৱস্থা কৰাত অৱসৰী শিক্ষক সকলে সন্তুষ্টি প্ৰকাশ কৰে। জানিব পৰা মতে – বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া জোৎস্না ৰাণী বৰ্মনৰ পৌৰোহিত্বত অনুষ্ঠিত বিদায় সভাত ৰঙাপানী পৰমেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ইছমাইল হুছেইন খান, হিন্দী হাইস্কুলৰ শিক্ষক কৰবী চক্ৰৱৰ্তী, জি কে হাইস্কুলৰ শিক্ষক বিবেকানন্দ বৰকটকী, বীনাপাণি ইউনাইটেট হাইস্কুলৰ শিক্ষক ধ্ৰুৱ বসাক আৰু নোৱাগাওঁ হাইস্কুলৰ শিক্ষক ৰাশিদুল ইছলামক ফুলাম গামোচা আৰু প্ৰোবিছনেল পেঞ্চনৰ কপিৰে সম্বৰ্ধনা জনায়। বিদায় সভাত জিলা শিক্ষা বিষয়াই ভাষণ দিয়াৰ সময়ত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। অৱসৰপ্ৰাপ্ত শিক্ষক পাঁচজনৰ অৱসৰ গ্ৰহণে সকলোৰে মনত এক আচ বহুৱাই দিয়ে বুলি জিলা শিক্ষা বিষয়া জোৎস্না ৰানী বৰ্মনে কয়। জিলা হিচাপ ৰক্ষক ৰণজিত ভট্টাচাৰ্যীয়ে কয় যে এই পাঁচগৰাকী শিক্ষক আছিল আৰ্দশবান, সৎ আৰু জ্ঞানপিপাসু আছিল। ভট্টাচাৰ্যীয়ে শিক্ষক সকলক অনাগত দিনত শিক্ষাৰ লগত জড়িত থাকিবলৈ আহ্বান জনায়। অৱসৰি শিক্ষক সকলে সুদীৰ্ঘ কৰ্মজীৱন সুৱৰি আৱেগিক হৈ পৰে।