অসম
বঙাইগাঁও জিলাৰ ভাণ্ডাৰাত ভাঙৰ ভাণ্ডাৰ

সংবাদদাতা, কোকিলাঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫নং ভাণ্ডাৰাত মাণিকপুৰ আৰু গেৰুকাবাৰী আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ৫নং ভাণ্ডাৰাৰ জহিৰুল ইছলামে দীৰ্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায় কৰাৰ লগতে ঘৰতেই গাঞ্জা খেতি কৰি আহিছিল। আজি আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৫৪ কেজি কেঁচা আৰু ৩.৪০০ কেজি শুকান গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ খবৰ পাই জহিৰুল ইছলামে পলায়ন কৰে।