অসম

বঙাইগাঁৱৰ পহৰা চকীৰ অভিযানত গোৱালপাৰাৰ পৰা উদ্ধাৰ বঙাইগাঁৱৰ পৰা চুৰি হোৱা মোবাইল আৰু লেপটপ

সংবাদদাতা, বঙাইগাঁও : বঙাইগাঁও জিলাৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাৰ সফল অভিযান। যোৱা  ২৫ মেত বঙাইগাঁও ৰেলৱে বিজি কলনিৰ এটা গৃহৰ পৰা চুৰি হৈছিল এটা মোবাইল আৰু এটা লেপটপ। সেই সম্পৰ্কে

আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাই গোপন সূত্ৰ পম খেদি কালি নিশা গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰী তিনি আলিত থকা ৰেকিব এন্টাৰপ্ৰাইজৰ পৰা এটা লেপটপ আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

গোৱালপাৰা জিলাৰ শ্বৰিফুল ইছলাম নামৰ যুৱক জনৰ পৰা লেপটপ আৰু সাইজুদ্দিন আলিৰ পৰা মোবাইল ফোন জব্দ কৰে। আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাৰ অভিযানত উক্ত ব্যক্ত দুজনক আটক কৰি আদালতত হাজিৰ কৰায় আৰু আৰু অধিক জেৰাৰ বাবে আৰক্ষীয়ে দুদিনৰ জিম্মাত লয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: