অসম

বজালীৰ কালদিয়া নৈৰ সংহাৰী ৰূপ

সংবাদদাতা, বজালী : পাটাছাৰকুছি চহৰৰ নিচেই কাষৰত থকা ক্ষুদ্ৰ ভালুকিত কালদিয়া নৈৰ খহনীয়াই নিদ্ৰাহৰণ কৰিছে দাঁতি কাষৰীয়া ৰাইজৰ। প্ৰসাসনে তাতক্ষনিক সীদ্ধান্ত নল’লে নৈৰ গাতে লাগি থকা পথটোও নৈৰ বুকুত জাহ যাব বুলি আশংকা ওচৰ চুবুৰীয়াৰ। পথটো নৈৰ বুকুত জাহ গলে টিহু ,কনিমাৰা হৈ পাটাছাৰকুছিৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজ যাতায়তৰ অসুবিধাৰ সন্মুখীন হ’ব আৰু ক্ষুদ্ৰ ভালুকি, বৰভালুকি, নিজখানা,

বালিপাৰা আদি কেইবাখো গাঁও বানত বুৰ যাব। উক্ত স্থানত ভালে সংখ্যক বাঁহ আৰু অন্যান্য গছ-গছনি আছে যদিও কালদিয়া নৈৰ কোবাল সোঁতত সকলোবোৰ এডাল এডাল কৈ নৈৰ বুকুত জাহ গৈছে। ক্ষুদ্ৰ ভালুকী উন্নয়ন সমিতি আৰু ক্ষুদ্ৰ ভালুকী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত বিগত বছৰত বিষয়টো বিভাগীয় কৰ্তৃপক্ষৰ লগতে সমষ্টিটোৰ তদানীন্তন বিধায়ক পবিন্দ্ৰ ডেকাক অৱগত কৰিছিল যদিও কোনো সুফল নাপালে অঞ্চলবাসীয়ে।

আগন্তুক বাৰিষাৰ আগমনৰ পূৰ্বে নতুন চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত মথাউৰি সমূহ মেৰামতিৰ বাবে তৎপৰ হৈ পৰিছে যদিও এই স্থান মেৰামতিৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজ তথা ক্ষুদ্ৰ ভালুকী গাওঁৰক্ষী বাহিনীৰ সভাপতি দুৰ্লভ শৰ্মাই। অঞ্চলটোৰ ৰাইজে নৱগঠিত বজালী জিলাৰ উপায়ুক্তৰ লগতে সমষ্টিটোৰ বিধায়ক তথা কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসক উক্ত বিষয়টো গুৰুত্ব সহকাৰে লৈ সমস্যটো সমাধানৰ বাবে অনুৰোধ জনাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: