অসম

বজালীৰ ভৱানীপুৰ গলীয়াত আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসৰ নেতৃত্বত বৃহৎ অভিযান

সংবাদদাতা, বজালী: আজি ৰাতিপুৱা বজালীৰ ভৱানীপুৰ গলীয়াত নৱগঠিত বজালী জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এখন বন্ধ হোৱা ধাবাৰ পিছ ফালে বহুদিন ধৰি চলি থকা এটা বৃহত চোৰাং তেলৰ ঘাটি উতখাত কৰে ভৱানীপুৰ আৰক্ষীয়ে। অভিজানত আৰক্ষীয়ে প্ৰায় 24 হাজাৰ লিটাৰ পেট্ৰোলিয়াম তেল ভৰ্ত্তি ৩৩ টাকৈ তেলৰ ড্ৰাম আৰু এখন ব’লেৰো পিকাপ ভান জব্দ কৰে।

ব’লেৰো গাড়ীখনৰ নম্বৰ AAS19AC1425 এখন ট্ৰেংকাৰ ঘটনা স্থলিৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও ৰাজাঘাটত আৰক্ষীয়ে ট্ৰেংকাৰখন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ উচিত তদন্ত কৰি জড়িত সকলোক কৰায়ত্ত কৰা হ’ব বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: