অসম

বন্দনা গীতি বৰা স্মাৰক বক্তৃতা

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ বৰখঙীয়া গাঁৱৰ সমাজকৰ্মী বন্দনা গীতি বৰাৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে পৰিয়ালবৰ্গৰ উদ্যোগত প্ৰতি বছৰেই তেওঁৰ মৃত্যু দিন ৫ জানুৱাৰীত স্মাৰক বক্তৃতা প্ৰদান কৰোঁৱাৰ লগতে বিশেষ ব্যক্তিক স্মৃতি বঁটা প্ৰদান কৰি আহিছে। এই বছৰ মঞ্জুলা কলাকেন্দ্ৰৰ সৌজন্যত ২১৫ নং বৰখঙীয়া প্ৰাথমিক বিদ্যালয়ত মামন দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিশুৰ মানসিক বিকাশত মাতৃৰ ভূমিকা শীর্ষক বিষয়ত স্মাৰক বক্তৃতা প্ৰদান কৰে প্ৰবক্তা ডক্টৰ মৌচুমীৰেখা খাওন্দে। উক্ত অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰূপালী বৰা শইকীয়া, মৃণালিনী গোস্বামীক বন্দনা গীতি বৰা স্মৃতি বঁটা প্ৰদান কৰা হয়। সত্যনাথ বৰাই মংগলাচৰণ কৰা, প্ৰতাপচন্দ্ৰ শৰ্মাই উদ্বোধন কৰা চতুর্থ বাৰ্ষিকী সভাত নন্দা দেৱী বৰাই বিশিষ্ট অতিথিৰূপে  অংশগ্রহণ কৰে। বন্দনা গীতি বৰাৰ সম্পর্কত  মানিক চন্দ্র বৰা, বিনীত বৰা, ভবেন হাজৰিকা, মণিমালা হাজৰিকা প্ৰমুখ্যে ভালেকেইগৰাকীয়ে বক্তব্য আগবঢ়ায়। সুশীল হাজৰিকা প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: