অসম

বন্ধন বেংকৰ ঋণেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে কলাইগাঁৱৰ মহিলাসকলে

সংবাদদাতা, টংলা : মাইক্ৰ’ফাইনাঞ্চ ঋণ মাফ দিয়া হ’ব বুলি অসম চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি হৈ ছৈ সৃষ্টি কৰিছিল যদিও নতুন চৰকাৰৰ এমাহ পাৰ হোৱাৰ পিছতো ঋণ মাফৰ কোনো উমঘাম নেদেখি চাৰিওফালে তীব্ৰ প্ৰতিবাদ আন্দোলন কৰি গুজৰি -গুমূৰি উঠাৰ সময়তে কলাইগাঁওস্থিত বন্ধন বেংকৰ দ্বাৰা এচাম মহিলাই ঋণ লৈ স্বাৱলম্বীতা হোৱাৰ সুন্দৰ নিদৰ্শন পোৱা গৈছে।

কলাইগাঁও অঞ্চলৰ কেবাগৰাকী মহিলাই বন্ধন বেংকৰ ঋণ লৈ জাৰ্চি গৰু পালন, দোকান ব্যৱসায় চলাইছে ,গাড়ী ভাড়া কৰি পৰিয়াল পোহপালন কৰিবলৈ সহজ হোৱা বুলি জানিব দিছে। বন্ধন বেংকৰ ঋণৰ ধনেৰে জীৱন জীৱিকা পৰিচালনা কৰাত কোনো বাধা বা অসুবিধাৰ সন্মুখীন হ’ব লগা হোৱা নাই বুলি মহিলা সকলে স্বীকাৰ কৰিছে। কৰ্মঠ উদ্যমী মহিলা সকলে ঋণলৈ আন দহ জনী মহিলাক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বাট দেখুৱাই অনুপ্ৰেৰণা যোগাবলৈ সক্ষম হৈছে।

তেওঁলোকৰ মতে চৰকাৰে ঋণ মাফ নকৰি নিত্য ব্যৱসাৰ্য সামগ্ৰীৰ মূল্যহে কমাব লাগে। দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ পৰিয়াল সমূহে নিত্য নৈমিত্তিক সামগ্ৰীৰ দাম বৃদ্ধি পোৱা ৰ পৰিপ্ৰেক্ষিতত অনেক নগুৰ- নাগতি হ’বলগীয়া হৈছে। কলাইগাঁও গেৰুৱা শান্তিপূৰৰ দীপালি হাজৰিকাই জানিবলৈ দিয়া মতে তেখেতে ইতিমধ্যে চাৰিবাৰ ঋণ লৈ পৰিশোধ কৰিছে। দুটা জাৰ্চি গৰু পালনেৰে স্বাৱলম্বী হোৱা মহিলা গৰাকীয়ে দৈনিক পোন্ধৰ লিটাৰ গাখীৰ বিক্ৰী কৰি আৰ্থিকভাৱে স্বচ্ছল হৈছে।

তেখেতে প্ৰথমে ৫০ হেজাৰ, ৮০হাজাৰ, ১লাখ আৰু ৭০ হেজাৰ টকা ঋণ লৈছিল যদিও পৰিশোধ কৰিবলৈ সক্ষম হোৱা বুলি সানন্দৰে জনাইছে। ঠিক তেনেদৰে অঞ্জলী বড়ো ,গুণমনি ডেকা, কৰবী নাথ আদিয়েও ঋণ লৈ জীৱন জীৱিকা সুন্দৰ সফলতাৰে পৰিচালনা কৰিবলৈ সক্ষম হোৱাই নহয় আৰ্থিক শোচনীয় অৱস্থা এতিয়া স্বচ্ছল হোৱা বুলি জনাইছে। আন দহজনী মহিলা কো বন্ধন বেংকৰ ঋণ লৈ সৎ কৰ্মত নিয়োজিত হৈ নিজৰ দুখ দৈন্য আঁতৰাই আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ প্ৰেৰণা যোগাইছে।

বেংকৰ ঋণ লৈছোঁ বুলি যিকোনো কামত খৰছ নকৰি শুদ্ধ চিন্তাধাৰাৰে কিদৰে উপাৰ্জন কৰি আৰ্থিক ভাৱে স্বচ্ছল হব পাৰে তাৰ ওপৰত গভীৰ চিন্তা-চৰ্চা কৰা উচিত বুলি জানিব দিয়ে তেওঁলোকে। আনহাতে ফলৰ জড়িয়তে ব্যৱসায়িক জীৱন সাফল্যমণ্ডিত কৰি তোলা পুৰুষ ব্যৱসায়ী গৰাকীও বন্ধন বেংকে উপকৃত কৰা বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: