অসম

বন্ধন বেংকৰ ভাতৃ সংস্থা বন্ধন কোন্নগৰৰ জৰিয়তে দুলীয়াজান শাখা উদ্যোগত বৃক্ষৰোপণ কার্যসূচী

সংবাদদাতা, তিনিচুকীয়া:- সমগ্ৰ দশতে কৰ’নাই কাল ৰূপ ধাৰণ কৰাৰ মাজতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সদায় আগবাঢ়ি আহিছে বন্ধন বেংকৰ ভাতৃ সংস্থা বন্ধন কোন্নগৰ। ক’ভিড-১৯’ৰ ভয়াৱহতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বাবে সমগ্ৰ অসমৰ লগতে সাম্প্ৰতিক কৰ’না মহামাৰীৰ ওপৰত দৃষ্টি ৰাখি বন্ধন কোন্নগৰৰ আৰ্থিক স্বাক্ষৰতাই বিভিন্ন কৰ্মসূচীৰ সফল ৰূপায়ণ কৰি আহিছে। অজিও তেওঁলোকে ব্যতিক্ৰমী ৰূপত দুলীয়াজান শাখা উদ্যোগত আৰু কঠালগুৰি গাঁও

পঞ্চায়তৰ সহযোগত স্থানীয় ম’হমাৰী মেৰবিল প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ এবিঘা ভূমিত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে কঠালগুৰি পঞ্চায়তৰ সভানেত্ৰী অনামিকা সোণোৱাল, ম’হমাৰী গাঁৱৰ গাঁওবুঢ়া আৰু লগতে সংস্থাৰ জেষ্ঠ বিষয়া নিহাৰিকা শইকীয়া, এৰিয়া কো আৰ্জিৰ্ণাৰ যশোমণি শইকীয়া আৰু দুলীয়াজান শাখাৰ কৰ্মীসকলৰ লগতে মহ’মাৰী মেৰবিল প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ কমৰীসকল আৰু যথেষ্টসংখ্যক স্থানীয় শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত কাৰ্য্যসূচীখনৰ সফল ৰূপায়ণ কৰা হয়

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: