ৰাষ্ট্ৰীয়

বহিঃৰাজ্যৰ বোৱাৰী পলুৱাই আনি ৰঙাঘৰত যুৱক

প্ৰেমৰ জাল পেলাই বহিঃৰাজ্যৰ বোৱাৰী পলুৱাই আনি ৰঙাঘৰত সোমাল যুৱক। পশ্চিমবংগৰ নদীয়া জিলাৰ বোৱাৰী লাভ জেহাদৰ বলি। নিউ বঙাইগাঁৱত ৰে’লৱে আৰক্ষীৰ জালত পৰিছে এই ভুৱা প্ৰেম কাহিনীৰ নায়ক মফিদুল ইছলাম নামৰ যুৱক এজন। মফিদুলৰ ঘৰ গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অধীনৰ। মফিদুলে “আমি নাই” নামৰ ভুৱা ফেচবুক একাউণ্ট খুলি প্ৰেমৰ নাটকেৰে জালত পেলাইছিল বঙালী সম্প্ৰদায়ৰ ১৮ বছৰীয়া বোৱাৰী গৰাকীক। পিছত মফিদুলে কৌশলেৰে সুদুৰ বংগৰ পৰা বোৱাৰী গৰাকীক ৰে’লেৰে নিউ বঙাইগাঁও জংচনলৈ মাতি আনে। যোৱা ১১ জানুৱাৰীত নিউ বঙাইগাঁও জংচনত ৰেলৰ পৰা নামি সন্দেহজনক ভাৱে ঘুৰি থকাত ৰে’লৱে আৰক্ষীৰ দৃষ্টিগোচৰ হয় আৰু মহিলা গৰাকীক সোধা পোচা কৰাত সকলো কথা পোহৰলৈ আহে। আৰক্ষীয়ে লাভ জেহাদৰ ঘটনা বুলি সন্দেহ কৰি মফিদুলক কৌশলেৰে মাতি আনি গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমানলৈ জেৰা অব্যাহত ৰাখিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: