অসম

বাঁহি বাদকৰ জৰিয়তে আকাশ চুৱাৰ হেঁপাহ চতিয়াৰ ৰাহুল ৰঞ্জন বৰুৱাৰ

সংবাদদাতা, জামুগুৰিহাট:- বাঁহি বাদকৰ জৰিয়তে আকাশ চুৱাৰ হেপাঁহ চতিয়াৰ মাগুৰমড়া অঞ্চলৰ নিবাসী তথা উত্তৰ চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নবম মানৰ ছাত্ৰ ৰাহুল ৰঞ্জন বৰুৱাৰ। ৰাহুল হৈছে পিতৃ দিলীপ বৰুৱা আৰু মাতৃ বুলবুলি বৰুৱাৰ একমাত্ৰ পুত্ৰ। সাত বছৰৰ পৰাই পিতৃ- মাতৃৰ অনুপ্ৰেৰণাৰ জৰিয়তে বাঁহিৰ প্ৰশিক্ষণ লৈ সৃষ্টিশীল

প্ৰতিভাৰ জৰিয়তে আকাশ চুবলৈ সপোন দেখিছে ৰাহুলে। কিন্তু তাৰ বাবে লাগিব অদম্য চেষ্টা আৰু ধৈৰ্য্য। বৰ্তমান লকডাউনৰ সময়চোৱাত বিদ্যালয়সমূহ বন্ধ হৈ পৰাত নিজৰ পঢ়া শুনাৰ উপৰিও ৰাহুলে আজৰি সময়ত ঘৰতে আৱদ্ধ থাকি পিতৃ-মাতৃৰ অনুপ্ৰেৰণাত অনুশীলন অব্যাহত ৰখাৰ এক উৎকৃষ্ট উদাহৰণ দেখুৱাবলৈ সক্ষম হৈছে।

যাতে তেওঁক চৰ্চা কৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে যেন অবাবত সময় নষ্ট নকৰি নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ অনুশীলন কৰে যেন। চৈধ্য বছৰীয়া ৰাহুলে বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে লোকগীত, বৰগীত, ভূপেন্দ্ৰ সংগীতৰ লগতে বিভিন্ন গীতৰ সুৰৰ ধ্বনিসমূহ বাঁহি বাদকৰ জৰিয়তে ভাঁহি অহাত অঞ্চলবাসীৰ লগতে শৈক্ষিক মহলৰ পৰা বিশেষ চৰ্চা তথা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: