অসম

বাক্সা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ

সংবাদদাতা, তামুলপুৰ : তামুলপুৰ মহকুমাৰ অন্তৰ্গত আৰু তামুলপুৰ ব্লক পিএইচ চিৰ অধীনস্থ গান্ধীবাৰীত থকা গান্ধীবাৰী মিনি পিএইচ চিত খালী হৈ থকা চিকিৎসক, নাৰ্চকে ধৰি বহু কেইটা খালী পদ শীঘ্ৰে পূৰণ আৰু আন আন

কেইবাটাও দাবীৰে সোমবাৰে সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ পাটোৱাৰীৰ নেতৃত্বত দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ডুলুজিৎ ডেকা আৰু হিৰক জ্যোতি দাসৰ

সহযোগত বাক্সা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। স্মাৰক পত্ৰখনত সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অতি শীঘ্ৰে দাবী সমূহ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: