অসম

বাঘবৰত শোকাৱহ পথ দুৰ্ঘটনাত শিশুৰ মৃত্যু

সংবাদদাতা, বৰপেটা : বৰপেটা জিলাৰ আলোপতি থানাৰ অন্তৰ্গত ছয়সীমানাত সংগঠিত কালি এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে স্থানীয় শ্বাহালীৰ পু্ত্ৰ টেক্টৰ চালক চান মাহমুদে (ফিৰোজ) এখন নম্বৰ বিহীন সোনালিকা ডি আই-৭৪০ নম্বৰৰ  ট্ৰেক্টটৰখন পিছুৱাবলৈ লওঁতেই ৰাস্তাৰ কাষত বহি থকা ৰাহুল আমিনৰ পুত্ৰ আব্দুৰ ৰহমান(২)ক মহতিয়াই নিয়াৰ ফলত  থিতাতে মৃত্যু হয় আব্দুৰ ৰহমানৰ।

পিছত ঘটনাস্থলীত কিছু সময় পিছতে আলোপতি চৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই উপস্থিত হৈ ঘটনাৰ বুজ লৈ দুৰ্ঘটনা সংগঠিত কৰা ট্ৰেক্টৰখন জব্দ কৰি থানালৈ লৈ যায় আৰু শিশু আব্দুৰ ৰাহমানৰ (২) মৰোনত্তোৰ পৰীক্ষাৰ বাবে আলোপতি চৰ আৰক্ষী থানালৈ লৈ যায়। উল্লেখ্য যে, আব্দুৰ ৰহমানৰ পিতৃ ৰাহুল আমিনে ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাত এখন এজাহাৰ

দাখিল কৰিছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশাসনৰ ওচৰত দোষীৰ উপযুক্ত শাস্তিৰ দাবী জনাইছে। সম্প্ৰতি এনেদৰে নম্বৰবিহীন ট্ৰেক্টৰে আৰু অনুজ্ঞাপত্ৰবিহীন চালকে কিমান মা দেউতাৰ কোলা নিঠৰুৱা কৰিব। এতিয়া ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ৰেক হৈছে যে, নতুন চৰকাৰে এনে নম্বৰ বিহীন ট্ৰেক্টৰৰ ক্ষেত্ৰত আৰু অনুজ্ঞাপত্ৰ বিহীন চালকৰ ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় বিষয় হ’ব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: