অসম

‘বাটৰ কবিতা’ৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত ‘বাটৰ কবি’ক মানপত্ৰ প্ৰদানৰ লগতে সদ্যপ্ৰয়াত বিপিন ৰাৱাটক সোঁৱৰণ

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ আজি বিয়লি মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক, কবি বদৰুজ জামান আকতাৰৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘বাটৰ কবিতা’ৰ সমন্বয়ক তথা ‘খাইৰ প্ৰকাশন’ৰ স্বত্বাধিকাৰী কবি খাইৰুল ইছলামে। অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতীয় জল, স্থল আৰু বায়ু সেনাবাহিনীৰ মুৰব্বী বিপিন ৰাৱাটৰ কৰুণ মৃত্যুত শোকাহত হৈ উপস্থিত বাটৰ কবিসকলে এক মিনিট মৌন প্ৰাৰ্থনা জনায়। কাব্যানুষ্ঠানত গীত আৰু কবিতা পাঠ কৰে ক্ৰমে কবি ৰেকিবুল আজাদ, মফিজুদ্দিন আহমেদ, মুহাম্মাদ আফজাল, ৰিংকুল আহমেদ, খাইৰুল ইছলাম, বদৰুজ জামান আকতাৰ, আশ্ৰাফুল হক আৰু খালিদ মহম্মদ জাকাৰীয়া হুছেইনে। ‘বাটৰ কবিতা’ৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে কবি ৰেকিবুল আজাদ, আশ্ৰাফুল হক আৰু খালিদ মহম্মদ জাকাৰীয়া হুছেইনক ‘বাটৰ কবি’ হিচাপে খাইৰ প্ৰকাশন গোষ্ঠীয়ে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰি প্ৰেৰণা যোগায়। তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: