অসম

“বানাই” জনগোষ্ঠীক হাজং জনগোষ্ঠীৰ অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কোচ জাতীয় সংগঠনৰ

সংবাদদাতা, দুধনৈ:- ”অল ইণ্ডিয়া হাজং ওৱেলফাৰ এছোচিয়েচ”নে কোচ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত বানাই উপ জাতিক হাজং সকলৰ অন্তৰ্গত জনগোষ্ঠী হিচাপে প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম কোচ ছাত্ৰ সন্থা, সদৌ অসম কোচ সন্মিলনী, সদৌ অসম কোচ মহিলা পৰিষদ আৰু সদৌ অসম দেহেং ৰুঞ্চুমে। আজি দুধনৈ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদ মেল যোগে হাজং জনগোষ্ঠীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি জাঙুৰ খাই উঠিছে কোচ জাতীয় সংগঠন সমূহে। কাৰণ যোৱা ৬ ডিচেম্বৰত অল ইণ্ডিয়া হাজং ওয়েলফাৰ এচোছিয়েচনে অসমৰ ভৈয়াম জনজাতি মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ৰণোজ পেগুক অসমত বসবাস কৰা কোচ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত “বানাই” সকলক হাজং জনগোষ্ঠীৰ উপ-জাতি বুলি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। উক্ত সংগঠনৰ এনে প্ৰৰোচনা মুলক বক্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কোচ জনগোষ্ঠীৰ জাতীয় সংগঠন সমূহৰ মাজত। দুধনৈ প্ৰেছ ক্লাৱত সদৌ অসম কোচ সন্মিলন আৰু কোচ জাতীয় সংগঠনে এক সংবাদমেলৰ জৰিয়তে ইতিহাস প্ৰসিদ্ধ নথিপত্ৰৰে স্পষ্ট কৰি দিয়ে যে, প্ৰকৃততে বানাই লোক সকল কোচ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত। সদৌ অসম কোচ সন্মিলনৰ সভাপতি প্ৰহাস বানাই কোচে কয় যে, বৃটিছে কৰি থৈ যোৱা ১৮৯১ চনৰ ভাষা জৰীপ আৰু ১৮৯৩ চনৰ জৰীপত বানাই উপজাতিক কোচ সকলৰ এটা থাল বুলি স্পষ্টকৈ উল্লেখ কৰি থৈ গৈছে। উল্লেখ্য যে “বানাই” সকলক “টেন ভিলেজাৰ্চ অফ কোচ” বুলি কোৱা হয়। বানাই সকলৰ ভাষা, কৃষ্টি, সংস্কৃতি, পোচাক, খাদ্য একো বস্তুৱে হাজং সকলৰ লগত নিমিলে। তেনে স্থলত কিহৰ ভিত্তিত হাজং জনগোষ্ঠীৰ বানাই সকলক হাজং জনগোষ্ঠীৰ এটা থাল হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছে সেইয়া আচৰিত। সংবাদমেলযোগে পুনৰ কয় যে, হাজং জনগোষ্ঠীৰ সংগঠন সমূহে নিজৰ ইতিহাস নজনাকৈ কোচ জনগোষ্ঠীৰ বানাই লোক সকলক হাজঙৰ উপ-জাতি সজাব বিচৰাটো অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে লগতে এনে ভুল তথ্যৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰা কাৰ্যৰ তীব্ৰ সকিয়নি প্ৰদান কৰে কোচ জাতীয় সংগঠন সমূহে। ৰাজনীতিৰ মুনাফাৰ বাবে জনসাধাৰণক ভুল তথ্য ব্যক্ত কৰি বানাই সকলক হেয় প্ৰতিপন্ন নকৰিবলৈ সদৌ অসম কোচ সন্মিলন তথা কোচ জাতীয় সংগঠন সমূহে সকিয়াই দিয়ে “অল ইণ্ডিয়া হাজং ওয়েলফাৰ এচোছিয়েচন”ক। লগতে অসমৰ ভৈয়াম জনজাতি মন্ত্ৰী ৰণোজ পেগুক ভুল তথ্যৰে দিয়া স্মাৰক পত্ৰখন উঠাই লবলৈ দাবী জনায় অন্যথা কোচ জাতীয় সংগঠন সমূহে আনহাতে স্মাৰক পত্ৰ উঠাই নললে বিহিত ব্যৱস্থা ল’বলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে কোচ জাতীয় সংগঠনে। উক্ত সংবাদমেলত সদৌ অসম কোচ ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন কোচ, সদৌ অসম কোচ মহিলা পৰিষদৰ সভানেত্ৰী চিন্ময় কোচ, সদৌ অসম কোচ সন্মিলনীৰ সাধাৰণ সম্পাদক পৰিমল কোচ আৰু কোচ দেহেং ৰঞ্চুমৰ সাধাৰণ সম্পাদক ৰনন্ত কোচ উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: