অসম

বামুণজুলি চাহ বাগিচাৰ চালান সমূহত ক’ভিড সজাগতা সভা ওদালগুৰি জিলা আছাৰ

সংবাদদাতা, টংলা: সমগ্ৰ ৰাজ্যত কৰ’না সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰাল ভাৱে ওদালগুৰি জিলাটো বৃদ্ধি পাইছে কৰ’নাৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা৷ চিকিৎসালয় সমূহত ৰোগীৰ বাবে অভাৱ হৈছে বিছনা তথা অক্সিজেনৰ যোগান৷ যাৰ ফলশ্ৰুতিত বহুতো ক’ৰোণা আক্ৰান্ত ব্যক্তি চিকিৎসাৰ পৰা বঞ্চিত হব লগীয়া হৈছে৷ সমান্তৰালভাৱে জিলাখনত মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে৷ তৎসত্ত্বেও বহুতো লোকক সজাগ তথা সচেতন হোৱা দেখা নাই৷ যাৰ ফলত সচেতন মহলে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ এনেহেন সন্ধিক্ষণত অসম চাহ মজদুৰ সংঘ (এচি, এম, এছ)

মঙলদৈ শাখা সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতি (আছা) আৰু পানেৰী শাখা সমিতি (আটছা)ৰ সহযোগত কভিড-১৯ সংক্ৰমণ ৰোধ কৰাৰ বাবে বামুণজুলি চাহ বাগিচাৰ চালানে চালানে গৈ সজাগতা সভা অনুষ্ঠিত কৰে৷ সংশ্লিষ্ট সজাগতা সভাত চাহকৰ্মী সকলক মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ কৰ্মৰত সময়ত নাইবা জিৰণিৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনায় ওদালগুৰি আটছাৰ সভাপতি দ্বীপ তান্তীয়ে৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে মঙলদৈ শাখা (এচি, এম, এছ)ৰ সম্পাদক চান্তিয়ুশ কুজুৰ, দ্বীপ তান্তী সভাপতি

ওদালগুৰি জিলা সমিতি (আটছা), ৰবিন গোৱালা সাংগঠনিক সম্পাদক ওদালগুৰি জিলা সমিতি (আছা), মহম্মদ আলম সহকাৰী উপ প্ৰবন্ধক পৰিচালক বামুণজুলি চাহ বাগিচা, অমৰ তিৰ্কী সহকাৰী সম্পাদক মঙলদৈ শাখা সমিতি (এচি, এম, এছ), চিমন নাগ সাংগঠনিক সম্পাদক মঙলদৈ শাখা সমিতি (এচি, এম, এছ), গণেশ পাৰিগা বিত্ত সম্পাদক মঙলদৈ শাখা সমিতি (এচি, এম, এছ), প্ৰিতম সোণা সভাপতি, পানেৰী শাখা সমিতি (আটছা), হৰিশ তান্তী উপ সভাপতি পানেৰী শাখা সমিতি (আটছা) আৰু ৰাজু মহানন্দ, সভাপতি নোনাইপাৰা প্ৰাথমিক গোট (আটছা)৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: