অসম
বালিসত্ৰ সৱাহ মহোৎসৱৰ লাইখুঁটা স্থাপন

সংবাদদাতা, ৰঙিয়া:- ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰত ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সত্ৰৰ ৰাজহুৱা সৱাহ মহোৎসৱৰ আজি লাইখুটা স্থাপন কৰা হয়। সত্ৰাধিকাৰ ৰবীন্দ্ৰ নাথ গোস্বামীয়ে সভা মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে। উল্লেক্ষ্য যে,অহা ১১ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হ’ব এই সৱাহ মহোৎসৱ। সৱাহ মহোৎসৱত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই ভিৰ কৰাৰ সম্ভাৱনা। লোকে-লোকাৰণ্য হৈ পৰিব সত্ৰ সংকৃতিৰ কঠিয়াতলী বালিসত্ৰ। এই কাৰ্য্যসূচীত উপস্থিত থাকে উদ্যোক্তাসকলে, বিভিন্ন ঠাইৰ পৰা অহা গণ্য-মান্য ব্যক্তিসকলৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক ৰাইজ।