অসম

বাস্তৱ সত্য “জীৱন” নামৰ শিলাখণ্ডক সাৰ পানী দি জীপাল কৰিব পাৰে একমাত্ৰ কবিতাই : প্ৰতুল কুমাৰ চক্ৰৱৰ্তী

"মনে বিচৰা পৃথিৱী এইখন নহয়" কাব্যগ্ৰন্থ উন্মোচন

সংবাদদাতা, দুধনৈ:- দুধনৈ জনমন্দিৰ প্ৰাঙ্গণত যোৱা ১৮ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা গোৱালপাৰা ফটোগ্ৰাফিক ছ’চাইটিৰ দ্বিতীয় বাৰ্ষিক অধিবেশন আৰু ফটো প্ৰদৰ্শনীখন যোৱা ১৯ ডিচেম্বৰত সামৰণি পৰে। দ্বিতীয় দিনাৰ অন্যতম আকৰ্ষণীয় তথা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আছিল বিশিষ্ট শিক্ষাবিদ, সু-সাহিত্যিক, ৰাষ্ট্ৰপতি বঁটাপ্ৰাপ্ত দুধনৈ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক প্ৰতুল কুমাৰ চক্ৰৱৰ্তীৰ তৃতীয় কাব্যগ্ৰন্থ “মনে বিচৰা পৃথিৱী এইখন নহয়”ৰ উন্মোচন। গোৱালপাৰা ফটোগ্ৰাফিক ছ’চাইটিৰ শুভাকাংক্ষী সদস্য হৰিহৰ কলিতাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰা জিপিএছৰ সভাপতি বেঞ্জামিন কামানে কাব্যপুথিখন উন্মোচন কৰে। উন্মোচকৰ ভাষণত বেঞ্জামিন কামানে ভাষণ প্ৰসংগত কয় যে, মনে নিবিচৰা পৃথিৱীখনত জন্ম গ্ৰহণ কৰি কবি সুখী নহয় যদিও কবিগৰাকীৰ কল্পনাৰ এখন নতুন পৃথিৱী সৃষ্টি হ’ব বুলি আশাবাদী। এই কবিতা পুথিখনৰ ভাষা সাৱলীল আৰু বাস্তৱধৰ্মী। আনহাতে কবি প্ৰতুল কুমাৰ চক্ৰৱৰ্তীয়ে কাব্য গ্ৰন্থখনৰ প্ৰসংগত তেওঁৰ অনুভব ব্যক্ত কৰি কয় যে, বাস্তব সত্য জীৱন নামৰ শিলাখণ্ডক সাৰ পানী দি জীপাল কৰিব পাৰে একমাত্ৰ কবিতাই। তেওঁ হত্যা, হিংসা, ধৰ্ষণ, আৰু বৰ্বৰতাই গ্ৰাস কৰা এই পৃথিৱী খনত জন্ম গ্ৰহণ কৰি তেওঁ সুখী নহয় যদিও তেওঁৰ বিশ্বাস এক নতুন যুগৰ সূচনা হব আৰু হত্যা হিংসা মুক্ত এখন পৃথিৱীৰ জন্ম হব। তেওঁ কয় বিশ্বায়নৰ ধামখুমীয়াত আমিবোৰ হেৰাই যোৱাৰ শংকাত ভুগিছো। কবিৰ ভাষাত, “বিক্ষুব্ধ অন্তৰ আত্মা ভাগৰি পৰে যান্ত্ৰিক মনৰ বেদনাত।” কাব্যগ্ৰন্থখনত মুঠ ৫০টা কবিতা সন্নিবিষ্ট হৈছে। গ্ৰন্থ উন্মোচনী সভাৰ সমান্তৰাল ভাবে জিপিএছৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় ফটো সাংবাদিক ঋতুৰাজ কোৱৰ, অনুপম নাথ আৰু দ্য’ চেণ্টিনেল কাকতৰ ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য। তিনিওগৰাকী ফটো সাংবাদিকে ফটোগ্ৰাফী সম্পৰ্কত নতুন প্ৰজন্মৰ ফটোগ্ৰাফাৰ সকলৰ লগত মত বিনিময় কৰি কয় যে ফটোগ্ৰাফীক জীৱন জীবিকাৰ মাধ্যম হিচাপেও লব পাৰে। ইয়াৰ উপৰি ফটোগ্ৰাফী ক্লাব অৱ আসামৰ এডমিন নীৰজ ফুকন উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিয়লি ফটো প্ৰদৰ্শনীৰ শ্ৰেষ্ঠ পাঁচ গৰাকী ফটোগ্ৰাফাৰক নিকন কোম্পানীৰ তৰফৰ পৰা পুৰস্কৃত কৰা সময়চোৱাত আকস্মিক ভাবে গোৱালপাৰা জিলা উপায়ুক্ত মহোদয়া মীনাক্ষী নাথ দাস উপস্থিত হৈ ফটোগ্ৰাফীৰ জৰিয়তে সমাজৰ বিভিন্ন দিশ উন্মোচিত কৰা গোৱালপাৰা ফটোগ্ৰাফীক ছ’চাইটিক ভূয়সী প্ৰশংসা কৰে। সন্ধিয়া ধনমনি ৰাজবংশীৰ মনপৰশা গীতৰ অনুষ্ঠানৰ লগতে দেৱৰাজ ৰাভাই “বাঁহী” বাদন, জীতেন্দ্ৰ ৰাভাৰ ৰাভাৰ জনগোষ্ঠীয় পৰম্পৰাগত বাদ্য “খাম”বাদন আৰু দীপু ৰাভাৰ “ভায়োলিন” বাদনে সকলোকে মোহিত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: