অসম

বাহনাত কৰ’নাক লৈ ভেঙুচালি : সাপ্তাহিক বজাৰত নাই কোনো ক’ভিড প্ৰ’টকল

সংবাদদাতা, বাহনা : সমগ্ৰ ৰাজ্যত বৰ্তমান মৃত্যুৰ কিৰিলী । দৈনিক কৰ’না ৰোগত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মানুহৰ মৃত্যুৰ সংখ্যাও বাঢ়ি আহিছে। তথাপিও হোৱা নাই জনতা সজাগ। তাৰে এক প্ৰতিচ্ছবি দেখা গ’ল উত্তৰ যোৰহাটৰ বাহনা উচ্চ ইংৰাজী বালক বিদ্যালয়ৰ সম্মুখতত বহা বুধবৰীয়া সাপ্তাহিক বজাৰত।

বৰ্তমান জনসাধাৰণৰ সজাগতা অভাৱৰ বাবেই কৰ’না ৰোগীৰ সংখ্যা গ্ৰামাঞ্চলৰ দিশে গতি কৰিছে। ৰংদৈ বাৰপাইক বালিচাপৰী উদীয়মান অভিযন্তা পৰমা দত্ত আৰু যোৰহাট শান্তিপুৰস্থিত খাইষ্টকিং ইংলিচ স্কুলৰ সত্বাধিকাৰ প্ৰবীণ দত্তৰ কৰ’নাত মৃত্যু হোৱাৰ উপৰিও আৰু বহু কেইজন ব্যক্তি মৌজাটোত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে।

তেনেস্থলত জিলা প্ৰশাসনে কৰ’না সম্পৰ্কীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও বুধবৰীয়া সাপ্তাহিক বজাৰত দেখা নগল কভিড প্ৰ’টকল। নাই কোনো সামাজিক দূৰত্ব, নাই কোনো মাক্স পিন্ধাৰ নিয়ম। দুই এজনে মাক্স পিন্ধিছে যদিও অধিকাংশ ই নাকৰ তলত পিন্ধাহে দেখা গ’ল। এনে পৰিৱেশে বাহনা অঞ্চলতো কৰ’নাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশাংকাই দেখা দিয়াত একাংশ জনতা চিন্তিত হৈ পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: