অসম
বাহনা বালক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আয়োজন

সংবাদদাতা, বাহনা:- যোৰহাটৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়ে প্ৰতিষ্ঠাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে। বৃহত্তৰ উত্তৰ-পূব যোৰহাটৰ শৈক্ষিক দিশৰ ধ্বজবাহক শিক্ষানুষ্ঠানটোৰ হীৰক জয়ন্তী উদযাপনৰ কাৰণে আয়োজন কৰিছে। বহুকেইজন মহান শিক্ষকে শিক্ষকতা কৰা আৰু বিশিষ্ট ব্যক্তিয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ হীৰক জয়ন্তী উদযাপনৰ বিষয়ে আলোচনাৰ উদ্দেশ্যে ২১ নৱেম্বৰৰ দিনৰ ১০-৩০ বজাৰ পৰা ছাত্ৰ ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। সভাত ৰাইজ, প্ৰাক্তন শিক্ষাৰ্থী-শিক্ষক, শুভাকাংক্ষীৰ উপস্থিতি আহ্বায়ক মণ্ডলীৰ হৈ প্ৰধান শিক্ষক পুনাৰাম শইকীয়াই কামনা কৰিছে।