অসম

বাহনা মহাবিদ্যালয়ত গ্ৰন্থাগাৰিক দিৱস উদযাপন

সংবাদদাতা, বাহনা: বাহনা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ প্ৰাংগনত ১২ আগষ্টত গ্ৰন্থাগাৰিক দিৱস উদযাপন কৰা হয়। গ্ৰন্থাগাৰিক ড° অনুপম চন্দই আঁত ধৰা সভাখনিত গ্ৰন্থ আন্দোলনৰ পিতৃ পদ্মশ্ৰী ড° এছ আৰ ৰংগনাথনৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ

শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰসন্ন কুমাৰ দত্তই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ কাৰ্যালয় অধীক্ষক মাধুৰ্য্য কুমাৰ বৰা, গ্ৰন্থাগাৰিক ড° অনুপম চন্দ, কাৰ্যলয় উচ্চবৰ্গৰ সহায়িকা ৰেখা কোঁৱৰ, সহকাৰী গ্ৰন্থাগাৰিকা শান্তনা বৰুৱাই বন্তি প্ৰজ্বলন কৰে।

মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° চন্দই ১৮৯২ চনৰ ১২ আগষ্টত মাদ্ৰাজত জন্ম গ্ৰহণ কৰা প্ৰসিদ্ধ গ্ৰন্থাগাৰিক তথা গণিতবিদ চিয়ালি ৰামামৃত ৰংগনাথনে ভাৰতত গ্ৰন্থ আন্দোলনৰ লগতে ১৯৩১ চনত গ্ৰন্থগাৰ বিজ্ঞানৰ পাঁচটা সুত্ৰ আবিস্কাৰ কৰি সেই সুত্ৰসমূহ আদৰ্শ

হিচাপে লৈ গ্ৰন্থাগাৰসমূহে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক অধ্যাপিকা, কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ লগতে ছাত্ৰ গোটৰ সদস্যসকল ক’ভিডৰ নীতি-নিৰ্দেশনা মানি সভাত উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: