বিজনীৰ ভেটাগাঁৱৰ জিলা যুৱ বিপিএফৰ কাৰ্যালয়ত বিপিএফৰ কৰ্মশালাত হাগ্ৰামা মহিলাৰী
সংবাদদাতা, বিজনী:- চিৰাঙৰ বিজনীত বিপিএফৰ কৰ্মশালাত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ। বিজনীৰ ভেটাগাঁওস্থিত বিজনী জিলা যুব বিপিএফৰ কাৰ্যালয়ত বিপিএফৰ এক কৰ্মীসভা অনুষ্ঠিত হয় আজি। উক্ত সভাত বিজনী জিলা বিপিএফ দলৰ সভাপতি ৰমাকান্ত বসমুতাৰীৰ সভাপতিত্বত অনুষ্ঠিত দলীয় কৰ্মশালাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় আগন্তক লোকসভা নিৰ্বাচনক টাৰ্গেট কৰি বিপিএফ দলৰ সদস্য সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰি থকা হৈছে। যাৰ বাবে প্ৰতিখন জিলা সমিতিৰ উদ্যোগত এই দৰে কৰ্মশালা অনুষ্টিত কৰা হৈছে। যোৱা বিটিআৰ পৰিষদীয় সদনত বিপিএফ দলে বিৰোধিৰ আসনত বহি ২৬ টাকৈ প্ৰশ্ন উত্থাপনৰ জড়িয়তে কি কি তথ্য লাভ কৰিলে সেই যাৱতীয় তথ্য বিপিএফ কৰ্মি তথা ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ চেষ্টা হাতত লব বিপিএফে বুলি জনায় মহিলাৰীয়ে। তেওঁ লগতে কয় বিজনীত বিপিএফ দল এতিয়াও বহু শক্তিশালী ৰূপত আছে। বিজেপি-ইউপিপিএল দলে কি কৈছে সেয়া তেওঁলোকৰ কথা।
এই সন্দৰ্ভত আমাৰ ক’বলগীয়া একো নাই। সকলোৱে নিজৰ দলটোক শক্তিশালি বুলি ক’ব বিচাৰে বুলিও কয় মহিলাৰীয়ে। অহা লোকসভা নিৰ্বাচনৰ বাবে বিপিএফ দল হিচাপে প্ৰস্থুতি লোৱা বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে। সকলো জাতি-জনগোষ্ঠীৰ লোকক লৈ কিদৰে শান্তিৰে উন্নয়ন কৰিব পাৰি সেয়া বিপিএফ দলৰ লক্ষ্য বুলিও কয় মহিলাৰীয়ে। তেওঁ স্পষ্টভাৱে কয় ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ আগৰ পৰা বিটিচিত থকা সকলো লোকেই বিটিচিৰ বাসিন্দা বুলি বিপিএফে আগৰ পৰাই কৈ আহিছে আৰু সেই মতে মাটিৰ পট্টা দিয়া হৈছে, আগলৈয়ো দিব। গতিকে প্ৰমোদ বড়োই যি উচ্ছেদৰ কথা কৈছে তাৰ বিৰোধিতা কৰিব বিপিএফে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে। বিপিএফ দলে সদায় উচ্ছেদৰ বিৰুদ্ধে আছিল আৰু আজিও আছে আৰু সেই মতাদৰ্শ লৈয়ে ৰাইজৰ ওচৰত যাব বিপিএফ দলে। আজিৰ এই দলীয় কৰ্মশালাত বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম, প্ৰাক্তন উপমুখ্য খাম্পা বৰগয়াৰী ৩৩নং বিজনী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী সহ বিপিএফ দলৰ কেবাজনো কেন্দ্ৰীয় শীৰ্ষ নেতা উপস্থিত থাকি দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে।