অসম

বিজনী ১নং গোৰৱদাৰা-বৌলাঝাৰ সংযোগী পথ নিৰ্মাণত ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

সংবাদদাতা, পাণবাৰী : চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১নং গোৰৱদাৰাৰ পৰা বৌলাঝাৰ লৈ যোৱা পথৰ কামত দুৰ্নীতি কৰাৰ অভিযোগ ঠিকাদাৰ বিৰুদ্ধে। ২০১৪-১৫ বৰ্ষৰ বৌলাঝাৰ পৰা ১নং গোৰৱদাৰালৈ যোৱা পথৰ কামৰ বাবে ৭৩ লাখ টকা আৱণ্টন দিছিল যদিও ৯ লাখ  টকাৰ এখন নিম্ন মানৰ কালভাৰ নিৰ্মাণ কৰিলে যদিও এখন ছাইটত নিদিলে মাটি দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত দুটা ৰিলিং দি

যাতায়ত কৰি আছিল বৃহত্তৰ অঞ্চলৰ ৰাইজ। আজি গঞাঁ ৰাইজে নিজৰ গাটিৰ ধনেৰে কালভাৰৰ দুই ফালে মাটি কাটি ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰে। উক্ত ঠাইত কোনো ৰাস্তাৰ কাম নকৰাকৈ আন ঠাইৰ ৰাস্তাৰ ফটো মাৰি সম্পূৰ্ণ টকা ঠিকাদাৰ আৰু অভিযন্তাৰ মিলি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰে অঞ্চলৰ ৰাইজেই। ঠাইখনত এখন কালভাৰ নিৰ্মাণ কৰি দায়িত্ব পালন কৰিলে অভিযন্তা।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: