অসম

বিটিচিৰ সমাজ কল্যাণ বিভাগৰ ইএম গৌতম দাসৰ টংলাস্থিত ৰ’জ এন জি অ পৰিদৰ্শন

সংবাদদাতা, টংলা : ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত টংলাস্হিত ৰ’জ এন জি অত আজি বিটিচিৰ সমাজ কল্যান বিভাগৰ ইএম গৌতম দাস উপস্থিত হৈ পৰিদৰ্শন কৰে লগতে দাসে এন জি অৰ পৰিচালক ললিত বড়োৰ, সভাপতি যোগেশ বড়াৰ সৈতে এন জি অৰ নানা ধৰণৰ দিশৰ ওপৰত বুজ লয়। এন জি অৰ অন্তৰ্গত পৰিচালিত হৈ থকা জিলা চাইল্ড লাইন আৰু শিশু

গৃহৰ অভাৱ অভিযোগ প্ৰতিও আলোচনা কৰে। আনহাতে চাইল্ড লাইনৰ কর্মী অৰূপ বড়ো আৰু শিশু গৃহৰ চুপাৰিয়েণ্ডেণ্ট হিৰামনি ৰাভাই আঁত ধৰা মত বিনিময়ত অনুষ্ঠানত ইএম গৌতম দাসক এখন আৰন্নাইৰে আদৰণি জনোৱা হয়। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমে বিটিচিৰ সমাজ কল্যাণ বিভাগৰ জৈন ডাইৰেক্টৰ মনিদীপা শইকীয়া,

ওদালগুৰি জিলা সমাজ কল্যাণ বিষয়া মীনা দাস বড়ো, শিশু বিকাশ প্রকল্প বিষয়া নীলাক্ষী বৰদলৈ, ৩৪ নম্বৰ খালিংদুৱাৰ  সমষ্টিৰ বিধায়ক দিলীপ বড়ো লগতে জিলা চাইল্ড লাইনৰ সমন্বয়ক ৰাস্মিতা বৰগয়াৰী,কাউন্সেলৰ লিনা ৰাভা, কর্মী অনচুলা মোচাহাৰী, জুনু ৰাভা আৰু শিশু গৃহৰ কর্মী মঞ্জুলা দেৱী, ৰৈচুমৈ বড়ো, যাচিন্তা লগ্নোয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: