সময়ৰ কলম

বিদায়ৰ ক্ষণত ২০২১

দীপাঞ্জলী তালুকদাৰ

আশা-নিৰাশাৰে পাৰ হৈ যোৱা বছৰটোৰ শেষৰ ফালে আজি অসমীয়াৰ ভৱিষ্যত যে সুৰক্ষিত নহয় বাৰুকৈয়ে অনুভৱ হ’ল। এটা সামান্য কথাত লগা কাজিয়াৰ পৰিণতিত যোৰহাটত দিন-দুপৰতে ৰাজপথত একাংশ নিকৃষ্ট মানসিকতাৰ লোকে অনিমেষক হত্যা কৰিলে,অথচ তেওঁৰ কোনো দোষ নাছিল। সমগ্ৰ ঘটনা চিচি টিভি কেমেৰাত বন্দী হোৱা দৃশ্যৰ আধাৰত অপৰাধীক কৰায়ত্ত কৰা  হৈছিল। কিন্তু উপযুক্ত সাক্ষীৰ অভাৱত শাস্তি দিয়াৰ প্ৰক্ৰিয়াটো হ’ল লেহেমীয়া। আমি কিমান নিৰাপদ ভাবিলে অনুমেয়! এনেকুৱা পৰিস্থিতিত আমি নিৰাপত্তাহীন অনুভৱ কৰোঁ। ২৩ডিচেম্বৰৰ টিভিৰ পৰ্দাত বহুতো শিক্ষিত নিবনুৱাৰ বায়’ডাটাসমূহ “নিয়োগ মেলা” শেষ হোৱাত পেলাই দিয়া দেখিবলৈ পাইছিলোঁ। মধ্যবিত্ত পৰিয়ালৰ উচুপনি, নিবনুৱাৰ হতাশা কোনে বুজিব? এনেকৈয়ে আমাৰ ভৱিষ্যত প্ৰজন্মৰ এটি এটিকৈ বিশ্বাসৰ মৃত্যু হৈ যায়। নৱবৰ্ষত চৰকাৰখনে এইবোৰ দিশলৈ মন কৰি সোনকালে সমাধান উলিয়ালে অসমবাসীয়ে নতুন বছৰত নতুন আশাৰে আগবাঢ়িবলৈ সুবিধা হ’ব। শেষত অসমবাসীক আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালোঁ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: