বিদূৰভাইৰ আৰ্হিৰে সাঁচিগছ চুৰি কৰি ৰঙাঘৰলৈ যুৱক

সংবাদদাতা, মেৰাপানী:- এইবাৰ ৰিল লাইফত নহয়, ৰিয়েল লাইফত সাঁচি চুৰি কৰিবলৈ গৈ বিপদত পৰিল মেৰাপানীৰ তিনিটাকৈ গভাইত চোৰ। সাধাৰণ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা বিদূৰভাই নামৰ ৱেব চিৰিজখনৰ আৰ্হিৰে সাঁচি গছ চুৰি কৰিবলৈ গৈ আটক হ’ল চোৰ। অৱশ্যে বিদূৰভাইৰ দৰে সাঁচি চুৰি কৰি বিক্ৰী কৰাৰ আগতেই ৰোষত পৰে স্থানীয় ৰাইজৰ। মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ গাঁৱত যোৱা নিশা এজন ব্যক্তিৰ বাৰীত সংগোপনে সোমাই লক্ষাধিক টকাৰ মূল্যবান সাঁচি গছ কাটি এখন বাহনে নিয়াৰ চেষ্টা চলাওঁতেই ৰাইজৰ হাতত আটক হয় তিনি গভাইত চোৰ। স্থানীয় ৰাইজে মেৰাপানীৰ ২ নং নেঘৰীবিলৰ ৰেজিম আহমেদৰ লগতে লাক খান আৰু ডাঙৰ বেটা নামৰ চোৰ তিনিটাক আটক কৰে যদিও ইয়াৰে দুটা চোৰে পলায়ন কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজে এচি বাহনখনৰ চালক ৰেজিম আহমেদক আটক কৰি সাঁচি চুৰি কৰি নিয়া AS 03 AC 7536 নম্বৰৰ টাটা এচি বাহন খন জব্দ কৰি মেৰাপানী আৰক্ষীক চমজাই দিয়ে। ইফালে সাঁচি চুৰিৰ সন্দৰ্ভত গাঁৱৰ ৰাইজে মেৰাপানীত আৰক্ষী থানাত তিনিটা চোৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।