অসম

বিদ‍্যুৎপৃষ্ট হৈ নাগালেণ্ডত মৃত্যু অসমৰ দুই শ্ৰমিকৰ

গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত তিনিজনৰ

সংবাদদাতা, মেৰাপানী:- মেৰাপানীৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ ওখা জিলাৰ ভাণ্ডাৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিদ্যুৎপৃষ্ট হৈ দুজন শ্ৰমিক ঠিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন তিনিজন শ্ৰমিক। নিহত আৰু আহত আটাইকেইজন শ্ৰমিকৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ। এয়াৰটেল কোম্পানীৰ শ্ৰমিক ৰূপে নিয়োজিত লোককেইজনে শুক্ৰবাৰে দুপৰীয়া কাম কৰি থকা অৱস্থাতে অসাৱধানবসতঃ ওপৰৰে যোৱা 11000 ভল্টৰ বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহে। ফলত বিদ্যুৎপৃষ্ঠ হৈ ঠাইতে মৃত্যুক সাৱতে দুজন শ্ৰমিকে আৰু আঘাতপ্ৰাপ্ত হয় আন তিনিজন। মৃত শ্ৰমিক দুজন ক্ৰমে বাবুল ইছলাম আৰু ওমৰ ফাৰুক। ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে হবিবুৰ ৰহমান, চাদিকুল ৰহমান আৰু বিলাল হুছেইন। ঘটনাৰ পাছতে আটাইকেইজনকে ততাতৈয়াকৈ মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে দুজনক মৃত বুলি ঘোষণা কৰে। আঘাতপ্ৰাপ্ত তিনিওজনকে পাছত উন্নত চিকিৎসাৰ বাবে গোলাঘাট সদৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে, কোনো ধৰণৰ সুৰক্ষা বিধি পালন নকৰাকৈ নাগালেণ্ডত হাজাৰ হাজাৰ অসমৰ শ্ৰমিক নিয়োজিত হৈ আছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button