অসম

বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত সৰুপথাৰ সমষ্টিত এম্বুলেন্স সেৱা

সংবাদদাতা, ধনশিৰি : কথা মতেই কাম। সৰুপথাৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনে তৎপৰতাৰে জনসাধাৰণক সেৱা আগবঢ়াবলৈ যত্ন কৰিছে। বিধায়ক হৈ সৰুপথাৰত উপস্থিত হৈয়ে ক’ৰনাৰ সংকটকালত ৰাইজৰ সুবিধা হোৱাকৈ এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়াৰ কথা উল্লেখ কৰিছিল।

আৰু তেওঁ সম্পূৰ্ণ বিষয়টো উদ্যোগ লৈ সোমবাৰে প্ৰশাসনৰ ফালৰ পৰা এখনি এম্বুলেন্স লাভ কৰে। ইতিমধ্যে এম্বুলেন্সখন সৰুপথাৰ পাইছেহি। সৰুপথাৰ সমষ্টিৰ ৰাইজে ৰোগীয়াল ব্যক্তিক সৰুপথাৰৰ পৰা দূৰণিৰ চিকিৎসালয়লৈ নিয়াৰ বাবে এই সুবিধা গ্ৰহণ কৰিব পাৰিব।

সৰুপথাৰ অঞ্চলৰ জেষ্ঠ বিজেপি কৰ্মী দিনেশ ভিল’ৱাৰীয়াই জনোৱা মতে  ক’ৰনা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আনুষ্ঠানিকতা নকৰাকৈয়ে এম্বুলেন্সখনৰ সেৱা আজিৰে পৰা ৰাইজলৈ আগবঢ়াইছে।

লগতে বিধায়ক বিশ্বজিৎ ফুকনে এই এম্বুলেন্সখনি চলাবলৈ চালক হিচাপে গুৱাহাটীৰ পৰা শ্বিলঙলৈ ট্ৰেভেল এজেন্সিৰ গাড়ী চলোৱা, যোৱা বছৰ লক ডাউনৰ পৰা ঘৰতে শুই বহি থকা সৰুপথাৰৰ জয়াপথাৰ অঞ্চলৰ এজন দক্ষ চালকক সুবিধা দিয়াত আনন্দিত হৈ পৰিছে চালকজন।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: