অসম

বিধায়ক বিশ্বজিৎ ফুকনৰ ছেৱাগুৰিত সাধনী উদ্যানৰ আধাৰশিলা মুকলি

সংবাদদাতা, ধনশিৰি:- সৰুপথাৰ সমষ্টিত উন্নয়নৰ ধাৰা অব্যাহত ৰাখি আজি বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ ছেৱাগুৰিত নিৰ্মাণ হ’বলগীয়া সাধনী উদ্যানৰ আধাৰশিলা মুকলি কৰে। প্ৰায় ৯ লাখ টকাৰ ব্যয় সাপেক্ষে ছেৱাগুৰিত আটক ধুণীয়াকৈ এটা পুখুৰী খনন আৰু সাধনী উদ্যান নিৰ্মাণ হব। এই উদ্যানখনিৰ জড়িয়তে অঞ্চলটিৰ উন্নয়ন হোৱাৰ লগতে বিভিন্ন জনগণৰো আগমন ঘটিব। বিধায়ক গৰাকীয়ে ৰবিবাৰৰ দিনটোতে আৰু কেইবাটাও কাৰ্যসূচীত আজি ভাগ লয়। তেখেতে আজি সৰুপথাৰ আৰু টেঙাহোলা গাঁও পঞ্চায়তত এমজি এনৰেগা আঁচনিৰ অধীনত ৪টা বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। লগতে পৰ্যায়ক্ৰমে নাবাৰ্ডৰ সভাত অংশগ্ৰহণ, পূৱ নাওজান পঞ্চায়তত ২১খন গাঁও পঞ্চায়তৰ সভাপতি, সচিব, আঞ্চলিক পঞ্চায়তৰ সদস্য তথা অন্যান্য বিষয়া বৰ্গৰ সৈতে চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ কাম-কাজ সমূহৰ পৰ্যালোচনা সভা আৰু সৰুপথাৰ নগৰৰ বিশিষ্ট ব্যক্তি সকলৰ সৈতে এখনি আলোচনা সভাত ভাগ লয়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button