অসম

বিধায়িকাক টীয়ক হকাৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

সংবাদদাতা, টীয়ক:- বৃহত্তৰ টীয়ক অঞ্চলৰ বাতৰি কাকতৰ বিতৰক সমূহত কৰ্মৰত হকাৰ সকলৰ সংগঠন টীয়ক হকাৰ সন্থাই তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ আজি টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাক প্ৰদান কৰে। হকাৰ সন্থাৰ বিষয়ববীয়াসকলে বিধায়িকা গৰাকীৰ টীয়কৰ বাসভৱনত সাক্ষাৎ কৰি প্ৰদান কৰা স্মাৰক পত্ৰৰ যোগেদি হকাৰ সকলৰ বাবে একঁকালীন সাহৰ্য প্ৰদান কৰা, বাতৰি কাকত বিতৰণৰ বাবে বাহনক ধৰি প্ৰয়োজনীয় অনান্য সামগ্ৰী যোগান ধৰা, বিনামুলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা, পেঞ্চনৰ ব্যৱস্থা কৰা আৰু তথ্য আৰু জনসংযোগত কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। বিধায়িকা গৰাকীয়ে হকাৰ সকলৰ এই দাবী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰে যোগাযোগ কৰাৰ আশ্বাস প্ৰদান কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: