অসম

বিভিন্ন দাবীত ওদালগুৰি জিলা এন আৰ এল এম মহিলা কর্মীৰ ধৰ্ণা

সংবাদদাতা, টংলা:- সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি আজি ওদালগুৰি জিলা প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ৰ জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সন্মুখত এন আৰ এল এম মহিলা কর্মী সকলে বিভিন্ন দাবীৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। পশু সুখী, বেংক সুখী, কৃষি সুখীৰ কর্মীসকলে তেওঁলোকৰ প্ৰাপ্য দাবী সমূহ চৰকাৰে ৰূপায়ন নকৰাৰ প্ৰতিবাদত  কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি আজি জিলা পি ডি, ডি পি এম আৰু বি পি এল বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে অসম ৰাজ্যিক এন আৰ এল এমৰ অন্তৰ্গত, বেং সখী, পশু সখী, কৃষি সখী সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত  নিন্মতম দাবী সমূহ পূৰণৰ বাবে  যোৱা ৭ ফেব্ৰুৱাৰী তাৰিখৰ পৰা মহিলা কৰ্মীসকলে কৰ্মবিৰতি কাৰ্যসূচী অব্যাহত ৰাখিছে। সেয়েহে আজি দ্বীতিয় দিনা ওদালগুৰি জিলা অন্তৰ্গত প্ৰায় ছটা উন্নয়ন খণ্ডত কৰ্মৰত প্ৰায় দেৰ শতাধিক মহিলাই প্ৰকল্প সঞ্চালকৰ কাৰ্যালয় ওদালগুৰি জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সন্মুখত কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰে।তেওঁলোকে মাহেকীয়া বেটন বৃদ্ধি, বিনামূলীয়া চিকিৎসাৰ সা সুবিধা,বীমা, বাজেটত ঘোষণা হোৱা স্কুটি সমূহ শিঘ্ৰেই প্ৰদান কৰা, এটাকৈ স্মাৰ্টফোন, লেপটপ প্ৰদান কৰা আৰু নিযুক্তি প্ৰত্ৰ সমূহ শিঘ্ৰেই প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।আনহাতে উক্ত দাবীসমূহ যেতিয়ালৈকে পূৰণ নকৰে তেতিয়ালৈকে তেওঁলোকে কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচী চলাই থাকিব বুলি প্ৰতিবাদী সকলে মন্তব্য কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button