অসম

বিশিষ্ট সংস্কৃত পণ্ডিত অৱনী ৰ্শমা শাস্ত্ৰীৰ পৰলোক

সংবাদদাতা, সৰুপথাৰ : ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ বাসিন্দা, বিশিষ্ট সংস্কৃত পণ্ডিত, অৱসৰ প্ৰাপ্ত শিক্ষক, অভিনেতা তথা নাট্যকাৰ অৱনী ৰ্শমা শাস্ত্ৰীৰ শনি বাৰে নিশা নিজ গৃহত উচ্ছ ৰক্তচাপ জনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটাৰ বাতৰি পোৱা গৈছে৷ জানিব পৰা মতে শনিবাৰে নিশা ১১: ০৫ বজাত পৰলোক গমন কৰা অৱনী ৰ্শমাৰ জম্ম ১৯২৯ চনৰ ৮ ডিচেম্বৰত নলবাৰীত হৈছিল৷

জম্মস্থানতেই প্ৰাথমিক শিক্ষা সাং কৰি উচ্ছ শিক্ষা শোনিতপুৰত গ্ৰহণ কৰা ৰ্শমাই কাকপথাৰৰ পানীতোলা হাইস্কুলত যোগ দি ৰ্কমজীৱন আৰম্ভ কৰিছিল৷ পিছত ধনশিৰি মহকুমাৰ সৰুপথাৰলৈ আহি সৰুপথাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত সংস্কৃত বিমাগৰ শিক্ষক পদত যোগ দি উক্ত পদৰ পৰাই ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে৷ নাট্যকাৰ ৰূপে পৰিচিত ৰ্শমাই নিজেই ৰচনা কৰা একাংকিকা নাটকত প্ৰথম মহিলাক

অভিনয় কৰোৱাইছিল৷ দেওপানী আৰু সৰুপথাৰৰ নামঘৰ প্ৰতিষ্ঠানৰ লগত জড়িত ৰ্শমাই সৰুপথাৰ সৰ্বজনীন দুৰ্গা পূজাত ২৭ বছৰ আৰু চতিয়নি দুৰ্গা পূজাত ২২ বছৰ পূজাৰী হিচাপে ৰ্কম কৰিছিল৷ মৃত্যুৰ সময়ত ৰ্শমাই চাৰিজন পুত্ৰ আৰু এগৰাকী কন্যাকে ধৰি অনেক আত্মীয়ক সংসাৰত এৰি গৈছে৷ অৱসৰ প্ৰাপ্ত শিক্ষকগৰাকীৰ বিয়োগত সৰুপথাৰৰ অনেক সংগঠন, অনুষ্ঠান, ব্যক্তি আদিয়ে শোক প্ৰকাশ কৰিছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: