অসম

বিশিষ্ট সৌন্দৰ্য্য বিশেষজ্ঞ গৌতম বৰালৈ “প্ৰাগজ্যোতিষ সৌন্দৰ্য্য বিশেষজ্ঞ ২০২১ বটাঁ”

ষ্টাফ ৰিপ’ৰ্টাৰ:– অসমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান নিৰ্মল আৰু প্ৰাগজ্যোতিষ ন্যাসৰ উদ্যোগত বৰ্ণিল কাৰ্যসূচীৰে যোৱা ১৯ নৱেম্বৰ শুক্ৰবাৰে বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত বটাঁ প্ৰদান অনুষ্ঠানত বিশিষ্ট সৌন্দৰ্য্য বিশেষজ্ঞ গৌতম বৰাক “প্ৰাগজ্যোতিষ সৌন্দৰ্য্য বিশেষজ্ঞ বটাঁ” প্ৰদান কৰা হয়। সৌন্দৰ্য্যৰ ক্ষেত্ৰখনত বিগত প্ৰায় ডেৰ দশক ধৰি নিৰালস্যভাবে সেৱা আগবঢ়াই অহা গৌতম বৰাই সমান্তৰালভাৱে বানপানী, কৰ’না মহামাৰীৰ আতংকৰ সময়ত আৰ্তজনক সহায় আগবঢ়াই আহিছে।

সৌন্দৰ্য্যৰ ক্ষেত্ৰখনত বহুতো নতুন প্ৰজন্মক আগবঢ়াই নি সংস্থাপন আগবঢ়াই অহাৰ লগতে অসমৰ বিভিন্ন কাকত-আলোচনীত নিয়মীয়াভাৱে সৌন্দৰ্য্য বিষয়ক লেখা-মেলা কৰি বহুজনক সৌন্দৰ্য্য বিষয়ক জ্ঞান প্ৰদান কৰি অহাৰ বাবে নিৰ্মল আৰু প্ৰাগজ্যোতিষ ন্যাসৰ উদ্যোগত গৌতম বৰালৈ আগবঢ়োৱা হৈছে “প্ৰাগজ্যোতিষ সৌন্দৰ্য্য বিশেষজ্ঞ ২০২১ বঁটা।” উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মনিষা হাজৰিকা, থানেশ্বৰ মালাকাৰ, মৌচম কুমাৰ উজীৰ আৰু দ্বীপেন বৰুৱা। অনুষ্ঠানটোৰ অধ্যক্ষা আছিল ত্ৰিৱেণী শৰ্মা বৰুৱা, সম্পাদক উৎপল ভৰদ্বাজ আৰু আহ্বায়ক মুন তালুকদাৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: