অসম

বিশেষ মেচিনেৰে নদীত অবৈধ বালিখনন; নিমাত বন বিভাগ তথা স্থানীয় আৰক্ষী

সংবাদদাতা, বঙাইগাঁওঃ যি সময়ত অসম চৰকাৰে বান মুক্ত অসম গঢ়াৰ বাবে ওত:প্ৰোতভাৱে চেষ্টা অব্যাহত ৰাখিছে লগতে গৰাখহনীয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে তেনে সময়তে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ

চকীৰ অন্তৰ্গত শৌলমাৰী পোকালাগী নৈত একাংশ লোকে লোকে চলাইছে অবাধে বালিখনন। যোৱা কিছু দিন ধৰি নদীখনত বিশেষ ধৰণৰ মেচিন লগাই যি হাৰে বালিখনন কাৰ্য অব্যাহত ৰাখিছে এনে দৰে খনন কাৰ্য কিছু দিন চলি থাকিলে নদী খনত সৃষ্টি হ’ব পাৰে

প্ৰবল গৰাখহনীয়া যিহেতু বৰ্তমান বাৰিষাৰ বতৰ। এই ক্ষেত্ৰত আই ভেলী বন বিভাগ তথা অভয়াপুৰী বন বিভাগ আৰু কোকিলা আৰক্ষী দেখিওঁ নেদেখাৰ ভাও জুৰি থকা পৰিলক্ষিত হৈছে। এই বালি খনন কাৰ্যৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

ব্যক্তি স্বাৰ্থৰ বাবে চলোৱা এই বালিখননৰ পৰা বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে নৈপৰীয়া সকলোৰ। একাংশৰ সন্দেহ উপজিছে যে বঙাইগাঁও বন বিভাগ আৰু কোকিলা আৰক্ষীৰ লগত এই বালি খননকাৰী একাংশ ব্যক্তিৰ লগত গোপন মিতিৰালি আছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: