অসম

বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট

সংবাদদাতা, বিশ্বনাথ:- সমগ্ৰ অসমতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক জ্বলা কলা খুউৱাৰ সময়তে খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত বিশ্বনাথ জিলাৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আজি বিহালীৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিহালীৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ২ ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, যোগান মন্ত্ৰীৰ কাম নাই, বিজেপি হুচীয়াৰ ইত্যাদি শ্লোগানেৰে বিহালীৰ আকাশ বতাহ কঁপাই তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বিহালীৰ আঞ্চলিক কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সভাপতি ভবানন্দ হাজৰিকা, সম্পাদক দুল দাস, বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ধ্ৰুৱ দাস, সম্পাদক অনিল বণিয়াৰ লগতে বিষয়ববীয়াসকল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: