অসম

বিশ্বনাথত এনকাউণ্টাৰ : আৰক্ষীৰ গুলীত আহত নকল টকাৰ ব্যৱসায়ী জাহিৰ আলি

নকল টকা বনোৱা মেচিন জব্দ : সাতজনক আটক

সংবাদদাতা, বিশ্বনাথ:- ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। ধুবুৰী জিলাৰ পিছত আজি পুৱতি নিশা বিশ্বনাথ চাৰিআলিত এনকাউণ্টৰৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে জাহিৰ আলি ওৰফে ভুত্তু। দীৰ্ঘদিন ধৰি নকল টকাৰ ব্যৱসাৰ সৈতে জড়িত হৈ আছিল ভুত্তু। বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত আজি পুৱতি নিশা যোৱা আৰক্ষীৰ দলক নকল টকাৰ স্থান দেখুৱাবলৈ নিয়াৰ সময়তে ভুত্তুৱে বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ সমীপত আৰক্ষীক পেচাব কৰিব লাগিছে বুলি গাড়ীখন ৰখাবলৈ কৈ গাড়ীৰ পৰা নামি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলি চলাবলৈ বাধ্য হয়। আৰক্ষীৰ দুটাকৈ গুলী ভুত্তুৰ দুয়োটা ভৰিত লাগে। গুৰুতৰভাৱে আহত ভুত্তুক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। ভুত্তুৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ বলোডোঙাত বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যৰ লগত জড়িত হৈ আছিল ভুত্তু ওৰফে জাহিৰ আলি। ইয়াৰ উপৰিও শুক্ৰবাৰে নিশা অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে বিশ্বনাথ চাৰিআলিৰ ৰঙামাটি গাৱত নকল টকা বনোৱা মেচিন জব্দ কৰে। ৰঙামাটি গাঁৱৰ পবিত্ৰ খাউণ্ডৰ পাকঘৰত উদ্ধাৰ হয় এই মেচিনটো। লগতে উদ্ধাৰ কৰে নকল পাছশ টকাৰ বান্দোল। নকল নোট বনোৱা মেছিন আৰু নকল নোট সমূহ জব্দ কৰাৰ লগতে মাজ বাঘমৰাৰ ৰাতুল ভূঞা নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা এটা নকল সোণৰ মূৰ্তি আৰু বুজন পৰিমাণৰ নকল টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও বিশ্বনাথ আৰক্ষীয়ে আমিৰুল ইছলাম, মনো ভগৱতী, মৌচুমী বৰা আৰু পূজা নায়ক নামৰ দুজন পুৰুষ আৰু দুগৰাকী মহিলাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: