অসম

বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তীব্ৰ প্ৰতিবাদ; কুইণ্টলে কুইণ্টলে ৰাজপথত পেলালে চাহপাত

সংবাদদাতা, বিশ্বনাথ: – বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ টি ফেক্টৰীৰ মালিকৰ মাজত সংঘাতে তীব্ৰৰূপ ধাৰণ কৰিছে । এই সংঘাতৰ ফলস্বৰূপে আজি বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সহযোগত

আজি বিহালী আৰু বিশ্বনাথৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কুইণ্টলে কুইণ্টলে বিহালীৰ বেদেতীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা চাহপাত পেলাই পথ অৱৰোধ কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বটলিফ ফেক্টৰীৰ মালিকৰ মই মতালী নচলিব, কেঁচা চাহপাতৰ মূল্য বৃদ্ধি কৰক, ক্ষুদ্ৰ চাহ খেতিয়কক

পেটে ভাতে মৰাৰ চক্ৰান্ত বন্ধ কৰক, ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, এই জুই জ্বলিছে জ্বলিবই আদি বিভিন্ন শ্ল’গানৰে বেদেতিৰ আকাশ বতাহ কঁপাই তোলে। আনহাতে উপায়ুক্তৰ কাৰ্যালয়ত টি বৰ্ডৰ বিষয়াৰ উপস্থিতিত নিৰ্ধাৰণ কৰা কেছা চাহপাতৰ মূল্য আজিও বটলিফ ফেক্টৰীয়ে চাহ খেতিয়কক প্ৰদান নকৰাৰ বাবে এই আন্দোলন কৰা হৈছে বুলি মন্তব্য কৰে

বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক ৰঞ্জন গগৈয়ে। উল্লেখ্য যে চুবুৰীয়া লক্ষ্মীমপুৰ জিলাত কেছা চাহপাতৰ দাম‌ ৩০-৩২ টকাৰ বিপৰীতে বিশ্বনাথ জিলাত হৈছে ১৬-১৯ টকা। টি বৰ্ডে বটলিফ ফেক্টৰীৰ মালিকক নিৰ্ধাৰিত দৰ প্ৰদান কৰিবলৈ বাধ্য কৰাব নোৱাৰাৰ বাবেই এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: