অসম

বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কৰ সংবাদমেল: কাইলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ সিদ্ধান্ত

টি বৰ্ডৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কেঁচা চাহপাত পেলাই প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ

সংবাদদাতা, বিশ্বনাথ:- বিশ্বনাথত অৱ্যাহত আছে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ টি ফেক্টৰীৰ মালিকৰ মাজত সংঘাত। উপায়ুক্তৰ কাৰ্যালয়ত টি বৰ্ডৰ বিষয়াৰ উপস্থিতিত নিৰ্ধাৰণ কৰা কেছা চাহপাতৰ মূল্য আজিও বটলিফ ফেক্টৰীয়ে চাহ খেতিয়কক প্ৰদান নকৰাৰ বাবে এইবাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।

আজি বিশ্বনাথ চাৰিআলিত এক সংবাদমেল যোগে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে সন্থাই। কাইলৈ বিহালীৰ বেদেতীত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা চাহপাত পেলাই পথ অৱৰোধ কৰাৰ সীদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছতো যদি চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ নকৰে পৰৱৰ্তী সময়ত টি বৰ্ডৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত

কেঁচা চাহপাত পেলাই প্ৰতিবাদ কৰাৰ সীদ্ধান্ত গ্ৰহণ কৰিছে চাহ খেতিয়ক সকলে। উল্লেখ্য যে চুবুৰীয়া লক্ষ্মীমপুৰ জিলাত কেছা চাহপাতৰ দাম ৩০-৩২ টকাৰ বিপৰীতে বিশ্বনাথ জিলাত হৈছে ১৬-১৯ টকা। টি বৰ্ডে বটলিফ ফেক্টৰীৰ মালিকক নিৰ্ধাৰিত দৰ প্ৰদান কৰিবলৈ বাধ্য কৰাব নোৱাৰাৰ বাবেই এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক ৰঞ্জন গগৈয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: