অসম

বিশ্বনাথত জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকা

“গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে উচ্চ অগ্ৰাধিকাৰ দিব’’ - পীয়ুষ হাজৰিকা

সংবাদদাতা, বিশ্বনাথ : ‘’ৰাজ্য খনৰ গৰাখহনীয়া সমস্যাটোৰ এক স্থায়ী সমাধান কৰাটো বি. জে. পি. নেতৃত্বাধীন চৰকাৰখনে উচ্চ অগ্ৰাধিকাৰ দিব’’৷ এই মন্তব্য ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ৷ বিশ্বনাথ জিলাৰ ‘অভিভাৱক মন্ত্ৰী’ শ্ৰী হাজৰিকাই আজি জিলা উপায়ুক্তৰ সভাগৃহত আয়োজিত এক উচ্চ-স্তৰীয় বৈঠকত অধ্যক্ষতা কৰি জিলাখনৰ জল-সম্পদ আৰু স্বাস্থ্য বিভাগৰ কাৰ্যাৱলীৰ পৰ্যালোচনা কৰে৷ মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰে পৰা জল সম্পদ বিভাগৰ কাম-কাজৰ ব্যাপক সাল-সলনি হ’ব৷ বিভাগৰ বিষয়া বৰ্গক গৰাখহনীয়া সম্পৰ্কীয় কাম-কাজ সমূহৰ ক্ষেত্ৰত দীৰ্ঘ-ম্যাদী দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ মন্ত্ৰী গৰাকীয়ে প্ৰতি বছৰৰ মে’ মাহৰ ভিতৰতে সকলো মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ

বিষয়ববীয়া সকলক কঠোৰ নিৰ্দেশ জাৰি কৰে৷ তেখেতে কয় যে কেৱল অস্থায়ী অৰু জৰুৰীকালীন মেৰামতিহে বাৰিষাৰ সময়ত কৰা উচিত৷ ’’ মই লক্ষ্য কৰিছোঁ যে বিভাগে সময়মতে মথাউৰি মেৰামতি কৰাৰ ক্ষেত্ৰত প্ৰায়েই পলম কৰে যাৰ ফলত বাৰিষাৰ আগতে কাম সম্পূৰ্ণ কৰাটো সম্ভৱ হৈ নুঠে৷ সেয়েহে বৰ্তমানৰ পৰা মই নিৰ্দেশ দিছো যাতে বিষয়া সকলে দক্ষতাৰে কাম কৰাৰ লগতে সকলো ধৰণৰ আনুষ্ঠানিকতা সময় মতে সম্পূৰ্ণ কৰি মেৰামতিৰ কাম নিৰ্দিষ্ট সময়ত আৰম্ভ কৰে’’, মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে৷ কামৰ গুণ-গত মানৰ ক্ষেত্ৰতো কোনো ধৰণৰ মোকাবিলা নকৰিবলৈ মন্ত্ৰী গৰাকীয়ে বিষয়া সকলক সকীয়াই দিয়ে৷ স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰী গৰাকীয়ে জিলা খনত কোভিড প্ৰতিষেধক প্ৰদানৰ

কাম খৰতকীয়া কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আঙুলিয়াই দিয়া হয় যে বিশ্বনাথ জিলাত প্ৰতিষেধক মজুতকৰণৰ সুবিধা নথকাৰ হেতু শোণিতপুৰ জিলাৰ পৰা আনিব লগা হয় যাৰ ফলত প্ৰতিষেধক প্ৰদান ধীৰ হৈ পৰে৷ মন্ত্ৰী গৰাকীয়ে ততাতৈয়াকৈ সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি পুঁজিৰ ব্যৱস্থা কৰাৰ লগতে উল্লিখিত সমস্যা দূৰীকৰণৰ বাবে পদক্ষেপ হাতত লয়৷ মন্ত্ৰী গৰাকীয়ে লোকনিৰ্মাণ বিভাগ আৰু বিদ্যুৎ বিভাগক স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰি অহা দহ দিনৰ ভিতৰত প্ৰতিষেধকৰ মজুত ভাণ্ডাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে৷ প্ৰস্তাৱিত এই ভাণ্ডাৰ বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয় চৌহদৰ ভিতৰতে স্থাপন কৰা হ’ব৷ মন্ত্ৰী গৰাকীয়ে

জিলাখনত ঔষধ-পাতি আৰু অন্যান্য চিকিৎসা সেৱাসমূহৰ উপলভ্যতাৰো খা-খবৰ লয়৷ তেখেতে কোভিড আক্ৰান্ত লোক সকলক প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখাৰ ওপৰত গুৰুত্ব দিয়ে যাতে ক’ৰণা সংক্ৰমণ ৰোধ কৰিব পৰা যায়৷ ক’ভিড নিৰাময় কেন্দ্ৰত থকা ৰোগী আৰু কণ্টেইণমেণ্ট এলেকাত থকা আৰ্থিক ভাৱে দুৰ্বল লোকসকলক যোগান ধৰা খাদ্যৰ গুণ-গত মানদণ্ডৰ দিশটোৰো অনুসন্ধান কৰে৷ আজিৰ সভাত সাংসদ পল্লৱ লোচন দাস, চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিধায়ক সকলো উপস্থিত থাকে৷ সভা সমাপ্ত কৰি মন্ত্ৰী গৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ পাণপুৰৰ গৰা খহনীয়া এলেকা পৰিদৰ্শন কৰে আৰু নিৰ্মীয়মান মথাউৰিটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: