অসম

বিশ্বনাথত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

সংবাদদাতা, বিশ্বনাথ:- বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ভট্টাচাৰ্য্য প্ৰেক্ষাগৃহৰ সমীপত আজি দিনৰ ১১ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । বিশ্বনাথ চাৰিআলিৰ দক্ষিণ মৰল গাঁৱৰ লৱ শৰ্মা (৫৬)নামৰ ব্যক্তিজনে কলা ৰঙৰ হিৰো হোণ্ডা চি দি ডন (এছ ১২ এফ ১৯৫৩) বাইকত মধুপুৰ ফালে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী এজন পালচাৰ বাইক আৰোহীৰ লগত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত লব শৰ্মা নামৰ বাইক আৰোহীজন গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হয়। স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত লব শৰ্মাক বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও আঘাত গুৰুত্বৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৈ প্ৰেৰণ কৰে। তেজপুৰলৈ নি থকা অৱস্থাত বাটতে লৱ শৰ্মাৰ মৃত্যু ঘটে।

এই সপ্তাহৰ কাকতখন পঢ়িবলৈ ক্লিক কৰক

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: