অসম

বিশ্বনাথত ভাৰতী ফাউণ্ডেশ্যনৰ সহযোগত আন্তঃবিদ্যালয় বহিঃক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত

এই সপ্তাহৰ কাকতখন পঢ়িবলৈ ক্লিক কৰক

সংবাদদাতা, বিশ্বনাথ: – খৰাশিমলু মণ্ডল সমল কেন্দ্ৰৰ খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত FIT INDIA MOVEMENT ৰ লগত সংগতি ৰাখি ভাৰতী ফাউণ্ডেশ্যনৰ সহযোগিতাত মিজিকা মণ্ডল সমল কেন্দ্ৰ আৰু খৰাশিমলু মণ্ডল সমল কেন্দ্ৰৰ বহু কেইখন বিদ্যালয়ৰ মাজত আজি আন্তঃবিদ‌্যালয় বহিক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ জিলা আঁচনি বিষয়া ৰবিন হাজৰিকাই লগতে উপস্থিত থাকে খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমাংগ হাজৰিকা, খৰাশিমলু মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত কুমাৰ বৰা । এই ফুটবল খেলত প্ৰথম স্থান লাভ কৰে ১৫ নং লাইন মিজিকা প্ৰাথমিক বিদ্যালয়ে, দ্বিতীয় স্থান লাভ কৰে সাধাৰুপাৰ প্ৰাথমিক বিদ্যালয়ে। আনহাতে দৌৰ প্ৰতিযোগিতাত ল’ৰা শাখাত ১৫ নং লাইন মিজিকা প্ৰাথমিক বিদ্যালয়ৰ লাকী গোৱালাই প্ৰথম স্থান লাভ কৰে, দ্বিতীয় স্থান লাভ কৰে গেৰেকী প্ৰাথমিক বিদ্যালয়ৰ কেশৱ ভক্তাই, তৃতীয় স্থান লাভ কৰে আদিত্য কিষানে। দৌৰ প্ৰতিযোগিতাত ছোৱালী শাখাত প্ৰথম স্থান লাভ কৰে ১৫ নং লাইন মিজিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰিয়ংকা মুৰা, গেৰেকী প্ৰাথমিক বিদ্যালয়ৰ দিক্ষা দৈমাৰীয়ে দ্বিতীয় স্থান, সাধাৰুপাৰ প্ৰাথমিক বিদ্যালয়ৰ ৰিনা ওৰাং য়ে তৃতীয় স্থান লাভ কৰে। ইয়াৰ উপৰিও বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা সমূহ সফল কৰাৰ ক্ষেত্ৰত ভাৰতী ফাউণ্ডেশ্যনৰ বিশ্বনাথ জিলা সমন্বয়ক পায়েল কলিতা, সুভাষ বসুমতাৰী, গেৰেকী প্ৰাথমিক বিদ্যালয়ৰ ৰঞ্জন মহন্ত, দিপালী সন্দিকৈ, মিজিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰতন ভূঞা, খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ দীপজ্যোতি সৰকাৰ সাধাৰুপাৰ প্ৰাথমিক বিদ্যালয়ৰ দিপাংকৰ বায়নৰ লগতে বহু কেইজন শিক্ষক শিক্ষয়িত্ৰীয়ে সহায় সহযোগিতা আগবঢ়ায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: