অসম

বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত চিকিৎসকক আক্ৰমণ বাগিচাৰ একাংশ দুষ্কৃতিকাৰীৰ

দুষ্কৃতিকাৰীক শাস্তিৰ দাবী বিভিন্ন দল-সংগঠনৰ

সংবাদদাতা, বিশ্বনাথ :-  হোজাই জিলাৰ ৰদালীত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ মাৰ নৌযাওতেই পুনৰ বিশ্বনাথ চাৰিআলিৰ মাজুলীগড় চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসকক আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৫-১৫ বজাত বিশ্বনাথ চাৰিআলিৰ মাজুলী গড় চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামীয়ে নিজৰ বাংলাৰ চৌহদত খোজকাঢ়ি আছিল। ৮১বছৰীয়া চিকিৎসকগৰাকীয়ে আধা ঘন্টামান খোজ কঢ়াৰ পিছতে দহ/পোন্ধৰ জনীয়া এটা শ্ৰমিকৰ দল আহি বাংলাৰ সম্মুখত উপস্থিত হোৱা প্ৰত্যক্ষ কৰে। ক্ষোভিত হৈ অহা এই শ্ৰমিকৰ দলটোৰ পৰা

তিনিজন শ্ৰমিক চিকিৎসকজনৰ ঘৰৰ গেট খুলি ভিতৰলৈ সোমাই আহে। এই অচিনাক্ত শ্ৰমিক কেইজনে ‘দোকান বন্ধ কৰা ইয়াকে ধৰ’ বুলি কৈ খোজকাঢ়ি থকা জ্যেষ্ঠ চিকিৎসকগৰাকীৰ ওপৰত আক্ৰমণ চলায়। সেই সময়তে চিকিৎসকগৰাকীৰ ঘৰৰ ভিতৰত কাম কৰি থকা মহিলা শ্ৰমিক এগৰাকী ওলাই আহি চিকিৎসক গৰাকীক ঘৰৰ ভিতৰলৈ টানি লৈ যায়। লগে লগে অচিনাক্ত দুৰ্বৃত্ত কেইজন সেই ঠাইৰ পৰা পলায়ন কৰে। হাত আৰু পিঠিত দুষ পোৱা চিকিৎসক গৰাকীয়ে নিশা বিশ্বনাথ আৰক্ষীক জনোৱাত কঠোৰ নিৰাপত্তাৰ মাজেৰে আজি আৰক্ষীয়ে চিকিৎসক জনক মাজুলী গড় চাহ বাগিচাৰ পৰা  বিশ্বনাথ চাৰিআলি

অসামৰিক চিকিৎসালয়লৈ আনে। বৰ্তমান চিকিৎসক গৰাকী চিকিৎসাধীন হৈ আছে। ঘটনা সম্পৰ্কে আজি চিকিৎসক গৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এক এজেহাৰ দাখিল কৰিছে। ইফালে আৰক্ষীয়ে দোষীক চিনাক্ত কৰি কৰায়ত্ত কৰিবৰ বাবে উঠি- পৰি লাগিছে। উল্লেখ্য যে  কৰোণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বলবৎ কৰা এচ অ পিৰ অধীনত নতুন নীতি-নিৰ্দেশনা মতে গ্ৰাম্য অঞ্চল বা চাহ বাগিচা অঞ্চলত একাংশ লোকে এই নীতি-নিৰ্দেশনা অমান্য কৰি বাণিজ্যিক প্ৰতিষ্ঠান খোলা ৰাখিছে। ঠিক সেইদৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাতো দুপৰীয়া বাৰ বজাৰ পৰা দোকান পোহাৰ বন্ধ কৰিব লাগে যদিও

বাগিচাখনৰ একাংশ ক্ষুদ্ৰ ব্যবসায়ীয়ে মনা নাছিল। মাজুলীগড় চাহ বাগিচাত কৰোণাৰ গণ সংক্ৰমণ ভয়াবহ ভাবে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনে  বাগিচাখনৰ কৰ্তৃপক্ষই SOPৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়ে।  ফলত বাগিচা কৰ্তৃপক্ষই বাগিচাত থকা দোকান-বজাৰ বন্ধ কৰিবলৈ চেষ্টা চলাই আছিল।  ইফালে বাগিছাখনৰ একাংশ শ্ৰমিকে এই বিষয়টো ভাল পোৱা নাছিল। ক’ভিডৰ কাৰণে বাগিচাত দোকান-বজাৰ  বন্ধ কৰাবলৈ চিকিৎসক জনে বাগিচা কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক কৈছে বুলি সন্দেহ কৰি চিকিৎসকৰ ওপৰত ক্ষোভিত হৈ  এই ঘটনা সংঘটিত হৈছে বুলি  ধাৰণা কৰা হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: