অসম

বিশ্বনাথৰ ৪ কোটিটকীয়া জলসিঞ্চন আঁচনি পৰিণত হ’ল গাহৰিৰ গড়ালত

কাৰ্যক্ষম কৰাৰ দাবী ৰাইজৰ

সংবাদদাতা, বিশ্বনাথ:- পথাৰত চিৰাল ফাট ভূই ৰুৱলৈ পানী নাই৷ থকাত অঞ্চলটোত জলসিঞ্চন প্ৰকল্প এটা আছে যদিও সেইটোৰ কাম নাই৷ সেয়েহে “আছে গৰু নাবাই হাল থকাতকৈ তেনে গৰু নথকাই ভাল’’ – এনে এক পৰিৱেশৰ সৃষ্টি হৈছে বিশ্বনাথ জিলাৰ চতিয়াৰ এটা অঞ্চলত৷ অঞ্চলটোত গাহৰিৰ গড়াললৈ ৰূপান্তৰিত হৈছে এখন ৪ কোটি টকীয়া জলসিঞ্চন আঁচনি৷ কংগ্ৰেছৰ শাসন কালত বিগত ২০০৭ চনত নিৰ্মাণ কৰা আঁচনিখন হৈছে দক্ষিণদল উত্তোলক জলসিঞ্চন আঁচনি৷ চাৰি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা আঁচনিখনে দুবছৰ মান পানী দিলে যদিও নিৰ্মাণৰ সময়ৰ পৰা ব্যাপক দুৰ্নীতি সংঘটিত হোৱা জলসিঞ্চন আঁচনিখন বৰ্তমান

ভালুকৰ সাঙীলৈ ৰূপান্তৰিত হৈছে৷ আঁচনিখনৰ পকী নলাবোৰ হাবি জংঘলৰে ভৰি পৰাৰ লগতে ঠায়ে-ঠায়ে নলাৰ পকীবেৰবোৰ বাগৰি পৰিছে৷ সেয়েহে পানী পৰিবহণ নোহোৱা আচঁনি খনৰ নলাবোৰত আমলখিআটি গাঁৱৰ কেইবাজনো নিবনুৱা যুৱকে গড়াল সাজি গাহৰি পালন কৰিছে৷ ইফালে, কৃষকৰ পথাৰত পানী যোগান ধৰিবলৈ ব্যৰ্থ হোৱাত শাওণৰ পথাৰত ভূঁই ৰুব পৰা নাই আমলখিআটি, মালৰগাঁও আৰু শলালগাঁৱৰ থলুৱা কৃষকে৷ ছনে পৰি আছে বহু শবিঘা কৃষিভূমি৷ চৰকাৰী পানী যোগান আচনি বাদ দি এতিয়া কৃষক ৰাইজে অপেক্ষা কৰি আছে বৰষুণলৈ৷ জনসিঞ্চন বিভাগৰ কৰ্মচাৰীয়ে আহিবলৈ বাদ দিয়া এই প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: