অসম

বিশ্বনাথ চাৰিআলিত ১৮২ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ

বিশ্বনাথত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন : ১ লাখ, ৫৯ হাজাৰ ৪০০ নগদ টকা এখন আই টুৱেন্টি গাড়ী জব্দ

সংবাদদাতা, বিশ্বনাথ:- বিশ্বনাথত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে। বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত যোৱা এক আৰক্ষীৰ অভিযানকাৰী দলে গোপন সূত্ৰৰ পমখেদি আজি বিয়লি ৩ বজাত বিশ্বনাথ চাৰিআলিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ব্যক্তি দুজন ক্ৰমে দলগাঁৱৰ ফকিৰ আলি আৰু মংগলদৈৰ ইনামূল হক বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। ধৃত ব্যক্তিকেইজনৰ হাতৰ পৰা ১৬টা ড্ৰাগছৰ কণ্টেইনাৰ, ১৮২ গ্ৰাম ব্ৰাউন চুগাৰ, আৰু নগদ ১লাখ, ৫৯হাজাৰ ৪০০ টকা, তিনিটা মোবাইল ফোন আৰু বিভিন্ন নথিপত্ৰ উদ্ধাৰ কৰাৰ লগতে এখন আই টুৱেণ্টি গাড়ী (এ এছ ০৭ এম ৮৯২২) জব্দ কৰে। ব্যক্তি দুজনক ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদৰ হোটেলত ভাত খাই থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলায় কৰায়ত্ত কৰে। ইতিমধ্যে আৰক্ষীয়ে ফকিৰ আলি আৰু ইনামূল হকক জিম্মাত ৰাখি তদন্ত আৰম্ভ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: