অসম

বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ জৰুৰী সভা সম্পন্ন

সংবাদদাতা, বিহালী:- যোৱা ইংৰাজী ২৭ মাৰ্চ তাৰিখে বিশ্বনাথ চাৰিআলিৰ মধুপুৰস্থিত বিশ্বনাথ জ্ঞান ভাৰতী বিদ্যালয়ত বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ এক গুৰুত্বপূৰ্ণ জৰুৰী সভা আয়োজন কৰা হয়। সভাত সভাপতিৰ দায়িত্ব পালন কৰে বিশ্বনাথ জিলা গোৰ্ষা সন্মিলনৰ স্থায়ী সভাপতি শ্ৰী জয় সূতাৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সাধাৰণ সম্পাদক শ্ৰী শান্তিৰাম ছেত্ৰীয়ে এপ্ৰিল মাহত বাক্সা জিলাৰ নিকাচিত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম গোৰ্খা সন্মিলনৰ সন্দৰ্ভত আলোচনা কৰাৰ উপৰিও বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ মহিলা প্ৰকষ্ঠ গঠন কৰাৰ উদ্দেশ্যে সভাখন আয়োজন কৰা হৈছে বুলি সদনক জানিবলৈ দিয়ে। সভাত উপস্থিত থাকে জিলা সমিতিৰ উপদেষ্টা শিশুবন্ধু শ্ৰীলীলা গজিৰেল আৰু বৰিষ্ট সমাজকৰ্মী শ্ৰী হৰি শৰ্মা। জিলা সমিতিৰ বিষয়ববীয়া ক্ৰমে শ্ৰী মাধব শৰ্মা, শ্ৰী চিত্ৰ পৌঢ়েল, শ্ৰী ঘনশ্যাম আচাৰ্য, শ্ৰী নিৰ্মল ছেত্ৰী, শ্ৰী ভৰত কটেলৰ উপৰিও ৰাজ্যিক সমিতিৰ মহিলা সম্পাদিকা শ্ৰীমতী দীপা দেৱীৰ লগতে কেন্দ্ৰীয় সদস্য শ্ৰী দীপক গজুৰেল আৰু জ্ঞান ভাৰতী বিদ্যালয়ৰ স্বত্বাধিকাৰী শ্ৰী ৰাজেন্দ্ৰ কুমাৰ শৰ্মাই সভাৰ সৌষ্ঠব বৃদ্ধি কৰে। বিশ্বনাথ জিলা অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ সভাপতি সম্পাদক সকলৰ লগতে গলিয়া, কুমলীয়া, পানি ভঁৰাল, তিনিসুতি, কুহীয়াৰবাৰী, কৰৈয়নী আদি বিভিন্ন ঠাইৰ আই মাতৃ সকলে সভাত উপস্থিত থাকি নানা গঠনমূলক পৰামৰ্শ আগবঢ়ায়। সভাই ৰাজ্যিক সমিতিৰ বিভিন্ন পদত প্ৰাৰ্থিত্ব আগবঢ়োৱা বিশ্বনাথ জিলাৰ সকলো ব্যক্তিক সৰ্বোতোপ্ৰকাৰে সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। উক্ত সভাত শ্ৰীমতী ৰুক্মিণী দেৱীক সভানেত্ৰী আৰু শ্ৰীমতী লতা দেৱীক সম্পাদিকা হিচাপে লৈ ১১ জনীয়া মহিলা প্ৰকষ্ঠ গঠন কৰা হয়। সভাপতিৰ ভাষণ প্ৰসংগত সমাজ এখনৰ উত্তৰণত মহিলা সকলৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি নবনিযুক্ত মহিলা প্ৰকষ্ঠক শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰিও মহিলা সকলৰ সহায়-সহযোগিতাই গোৰ্ষা সমাজ ব্যবস্থাক আৰু এঢাপ ওপৰলৈ নিব বুলি আশা ব্যক্ত কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button